ETV Bharat / state

পাষাণ পুত্ৰই ৰে'লৱে ষ্টেচনত এৰি থৈ গ'ল বৃদ্ধা মাতৃক - বৰপেটা

বৰপেটাৰ সৰ্থেবাৰীৰ এগৰাকী 77 উৰ্ধৰ বৃদ্ধাক পুত্ৰই ৰে'লৱে ষ্টেচনত এৰি থৈ যোৱাৰ অভিযোগ ৷ হতাশাত আত্মহত্যাৰ চেষ্টা দুৰ্ভগীয়া বৃদ্ধা মাতৃ গৰাকীৰ ৷

পাষাণ পুত্ৰই ৰে'লৱে ষ্টেচনত এৰি থৈ গ'ল বৃদ্ধা মাতৃক
author img

By

Published : Apr 17, 2019, 5:20 PM IST

বৰপেটা,17 এপ্ৰিলঃ বৰপেটাৰোডত মঙলবাৰে নিশা সংঘটিত হ'ল এক অমানৱীয় ঘটনা ৷ পুত্ৰই বৃদ্ধা মাতৃক ৰে'লৱে ষ্টেচনত এৰি থৈ যোৱাৰ অভিযোগ ৷ হতাশাত আত্মহত্যাৰ চেষ্টা কৰে দুৰ্ভগীয়া বৃদ্ধা মাতৃ গৰাকীয়ে ৷

পাষাণ পুত্ৰই ৰে'লৱে ষ্টেচনত এৰি থৈ গ'ল বৃদ্ধা মাতৃক

বৰপেটাৰ সৰ্থেবাৰীৰ এই বৃদ্ধা গৰাকীৰ নাম বিভাহ সাহা ৷ বৃদ্ধা গৰাকীয়ে জনোৱা অনুসৰি তেখেত ৰাধেশ্যাম সাহা, চন্দন সাহা আৰু সঞ্জীত সাহা নামৰ তিনিজন পুত্ৰ আৰু 3 গৰাকী কন্যা সন্তানৰ মাতৃ ৷ বৃদ্ধা গৰাকীৰ তিনিও গৰাকী পুত্ৰই পত্নীৰ স'তে ভাড়াঘৰত থাকে আৰু কন্যা কেইগৰাকীক ইতিমধ্যে বিয়া দিছে বুলি বৃদ্ধা গৰাকীয়ে জানিবলৈ দিয়ে ৷ ইপিনে 77 বছৰীয়া বৃদ্ধা গৰাকীৰ পুত্ৰ চন্দন সাহাৰ লগত জাগীৰোডৰ এটা ভাৰাঘৰত থাকে বুলি জনায় বৃদ্ধা গৰাকীয়ে ৷ অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি বৃদ্ধা গৰাকীৰ বোৱাৰীয়ে তেখেতক অকথ্য নিৰ্যাতন চলাই আহিছিল ৷ অৱশেষত পুত্ৰ চন্দন চাহায়ে মঙলবাৰে বৃদ্ধা গৰাকীক বৰপেটাৰোডৰ ৰেলৱে ষ্টেচনত এৰি থৈ যায় বুলি অভিযোগ বৃদ্ধা মাতৃ গৰাকীৰ ৷ ইপিনে বৃদ্ধা গৰাকীৰ অভিযোগ অনুসৰি তেখেতৰ আন দুগৰাকী পুত্ৰ ৰাধেশ্যাম সাহা আৰু সঞ্জীত সাহায়েও তেখেতৰ খবৰ লবলৈ আহৰি নাপায় ৷ সেয়ে হতাশা আৰু বেদনাত দুৰ্ভগীয়া বৃদ্ধা মাতৃ গৰাকীয়ে বুধবাৰে পুৱা আত্মহত্যাৰ চেষ্টা চলাই যদিও স্থানীয় ৰাইজে বৃদ্ধা গৰাকীক উদ্ধাৰ কৰে ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে বৃদ্ধা গৰাকীক বৰপেটাৰোড আৰক্ষী থানাত চমজাই দিয়ে ৷

Intro:বৰপেটাৰোডত এক অমানবীয় ঘটনা সংঘটিত হৈছে ৷ পাষান পুত্ৰই নিজ বৃদ্ধা মাতৃক এৰি থৈ গল বৰপেটাৰোডৰ ৰেলৱে ষ্টেচনত ৷ Body:বৰপেটাৰোড: বৰপেটাৰ সৰ্থেবাৰীৰ এই বৃদ্ধা গৰাকীৰ নাম বিভাহ সাহা ৷ বৃদ্ধা গৰাকীৰ আছে তিনিজন পুত্ৰ ক্ৰমে ৰাধেশ্যাম সাহা চন্দন সাহা আৰু সঞ্জীত সাহা ৷ পুত্ৰ তিনিজনে বিয়া পাতি পত্নীকলৈ ভাৰাঘৰত থাকে ৷ বৃদ্ধা গৰাকীৰ তিনিজনী কন্যা সন্তানো আছে আৰু কন্যা সন্তান কেইটিক বিয়া দিছে ৷ কিন্তু নিজ বৃ্দ্ধা মাতৃৰ খবৰ লবলৈ সময় নাই কুলাংগাৰ পুত্ৰ তিনিজনৰ ৷ নিজ পুত্ৰ চন্দন সাহাৰ লগত জাগীৰোডৰ এটা ভাৰাঘৰত আছিল এই গৰাকী ৭৭ বছৰীয়া বৃদ্ধা ৷ এই গৰাকী বৃদ্ধাক দীৰ্ঘদিন ধৰি বোৱাৰীয়ে কৰি আহিছে অকথ্য নিৰ্যাতন ৷ কেতিয়াবা যদি ঝাড়ুৰে কোবাইছে কেতিয়াবা আকৌ লাঠিৰে কোবাইছে নিজ বৃদ্ধা শাশু গৰাকীক ৷ খাবলৈ ভাতও নিদিয়ে এই গৰাকী বৃদ্ধাক ৷ অৱশেষত কুলাঙ্গাৰ পুত্ৰ চন্দন সাহাই নিজ মাতৃক মঙ্গলবাৰে নিশা বৰপেটাৰোড ৰেলৱে ষ্টেচনত এৰি থৈ গুচি যায় ৷ বৃদ্ধা গৰাকীয়ে মনত ক্ষোভ আৰু বুকুত বেদনালৈ নিশাটো বৰপেটাৰোড ৰেলৱে ষ্টেচনৰ প্লেট ফৰ্মত কটাই বুধবাৰে পুৱা ৰেলৰ আগত পৰি আত্মহত্যা কৰাৰ বাবে অগ্ৰসৰ হয় যদিও স্হানীয় ৰাইজে বৃদ্ধা গৰাকীক উদ্ধাৰ কৰে ৷ Conclusion:উল্লেখ্য যে বৃদ্ধা গৰাকীৰ পুত্ৰ ৰাধেশ্যাম সাহা আৰু সঞ্জীত সাহাও নিজ পত্নীকলৈ ভাৰাতীয়া হিচাপে থাকে কিন্তু এই দুই পাষাণ পুত্ৰৰো নিজ মাতৃৰ খবৰ লবলৈ আহৰি নাই ৷ পাছত স্হানীয় ৰাইজে বৃদ্ধা গৰাকীক বৰপেটাৰোড আৰক্ষী থানাত চমজাই দিয়ে ৷

Abdul Khaleque Ahmed Etv Bharat
Barpeta road 9957907059
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.