ETV Bharat / state

কাৰ বলত বলিয়ান পাঠশালাৰ অনা-অসমীয়া ব্যৱসায়ী দেৱ কুমাৰ

author img

By

Published : Aug 2, 2021, 9:22 PM IST

Updated : Aug 2, 2021, 10:17 PM IST

কাৰ বলত বলিয়ান চৰকাৰী কোনো নীতি-নিৰ্দেশনা পালন নকৰা অসমৰ একাংশ অনা-অসমীয়া ব্যৱসায়ী ৷ টকাৰ বলেৰে মেনেজ কৰে নেকি প্ৰশাসনীয় উচ্চপদস্থ বিষয়াক ? চাওঁক এই প্ৰতিবেদন...

Some non-Assamese traders in Assam who do not follow any government policy guidelines
কাৰ বলত বলিয়ান পাঠশালা অনা-অসমীয়া ব্যৱসায়ী দেৱ কুমাৰ

পাঠশালা, 2 আগষ্ট : কাৰ বলত বলিয়ান অসমত ব্যৱসায় চলাই থকা একাংশ অনা-অসমীয়া ব্যৱসায়ী ৷ প্ৰশাসনলৈ ভয় নকৰে পাঠশালাৰ একাংশ অনা-অসমীয়া ব্যৱসায়ীয়ে ৷ অভিযোগ অনুসৰি এগৰাকী ব্যৱসায়ীয়ে বজালী জিলাৰ সদৰ পাঠশালাৰ মাজেৰে দিনে-নিশাই বিদ্যুতৰ তাঁৰ উঠাই পাৰ কৰে বাঁহ ভৰ্তি অসংখ্য ট্ৰাক ৷

আৰক্ষীৰ চকুৰ সন্মুখতে কাকো কেৰেপ নকৰি অহা-যোৱা কৰে এই ট্ৰাকসমূহ ৷ স্থানীয় একাংশ লোকে সদৰী কৰা মতে পাঠশালা ৰে'ল ষ্টেচনৰ সমীপতে ট্ৰাকত লোডিং কৰা হয় বাঁহবোৰ ৷ ইয়াৰ পাচত কৰ্ণাটক, মহাৰাষ্ট্ৰ অভিমুখে গতি কৰে এই অভাৰলোডিং ট্ৰাকসমূহ ।

লগতে পঢ়ক: এপিডিচিএলৰ কাৰ্যালয়ৰ পৰা চুৰি হ'ল 21 লাখ টকা

নিজস্ব মইমতালিৰে ব্যৱসায় চলাই থকা ব্যৱসায়ীগৰাকীৰ নাম দেৱ কুমাৰ ৷ বহুদিনৰ পৰাই এইদৰে ব্যৱসায় চলাই আহিছে দেৱ কুমাৰে ৷ চৰকাৰী কোনো নীতি-নিৰ্দেশনাক নামানি অভাৰলোডিং কৰি বাঁহৰ সৰবৰাহ কৰি যোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে ব্যৱসায়ীগৰাকীৰ বিৰুদ্ধে ৷

ইয়াৰ সত্যতা দাঙি ধৰাৰ উদ্দেশ্যে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ ব্যৱসায়ী দেৱ কুমাৰৰ পুত্ৰৰ বিৰুদ্ধে ৷ ব্যৱসায়ীগৰাকীৰ পুত্ৰই সংবাদ পৰিৱেশন নকৰিবলৈকো সকীয়াই দিলে সাংবাদিকক ৷ প্ৰশ্ন হয়, আৰক্ষীয়ে দিনে-নিশাই তহল দি থকা অৱস্থাত পাঠশালাৰ মাজ-মজিয়াৰ পৰা কেনেদৰে পাৰ হয় অতিৰিক্ত বোজা কঢ়িওৱা এই ট্ৰাকসমূহ ? বৃহৎ ধনৰ টোপোলাৰে মেনেজ হয় নেকি আৰক্ষী তথা প্ৰশাসনৰ একাংশ উচ্চ পদস্থ বিষয়া ?

লগতে পঢ়ক: লখিমপুৰতো লাইলাপুৰ কাণ্ডৰ পুনৰাবৃত্তিৰ আশংকা: বহু ঠাইত নিচিহ্ন হৈছে ৰাজ্যৰ সীমা

Last Updated : Aug 2, 2021, 10:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.