ETV Bharat / state

এন আৰ চিকলৈ ভয়ংকৰ ষড়যন্ত্ৰ চলিছেঃ আমছু - এন আৰ চি

প্ৰকৃত ভাৰতীয় নাগৰিকক অযথা হাৰাশাস্তি কৰি থকাৰ লগতে একাংশ জাতীয়তাবাদী সংগঠন আৰু চৰকাৰৰ শ্ৰুতলিপি মতে এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা লাখ লাখ ভাৰতীয় মানুহৰ নাম বাদ দিয়াৰ ষড়যন্ত্ৰ চলি আছে বুলি আজি কলগাছিয়া মহকুমা সাংবাদিক সংস্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদমেলত অভিযোগ কৰে আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰে ৷

কলগাছিয়াত আমছু-ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল
author img

By

Published : May 16, 2019, 9:41 PM IST

জনীয়া, ১৬ মে: এন আৰ চিৰ আপত্তি শুনানিৰ নামত ভয়ংকৰ ষড়যন্ত্ৰৰ অভিযোগ । সমগ্ৰ ৰাজ্যজুৰি নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছে যদিও উচ্চতম ন্যায়ালয়ক অন্ধকাৰত ৰাখি এন আৰ চি আপত্তি নিষ্পত্তিৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক অযথা হাৰাশাস্তি কৰি থকাৰ লগতে একাংশ জাতীয়তাবাদী সংগঠন আৰু চৰকাৰৰ শ্ৰুতলিপি মতে এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা লাখ লাখ ভাৰতীয় মানুহৰ নাম বাদ দিয়াৰ ষড়যন্ত্ৰ চলি আছে বুলি আজি কলগাছিয়া মহকুমা সাংবাদিক সংস্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদমেলত অভিযোগ কৰে আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰে ৷ তেওঁ কয় যে সংখ্যালঘুক অযথা হাৰাশাস্তিৰ বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাবলৈ অহা ২১ মে'ত দিল্লীত প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে ।

Intro:slug : as_jania_16may_aamsu_and_smss_press_meet_vid2+pho1_asc10058

জনীয়া, ১৬ মে: কলগাছিয়াত আমছু - ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল। এন আৰ চিৰ আপত্তি শুনানিৰ নামত ভয়ংকৰ ষড়যন্ত্ৰৰ অভিযোগ। দিল্লীত ২১ মে' ত আমছুৰ প্ৰতিবাদী কাৰ্য্যসূচী।Body:slug : as_jania_16may_aamsu_and_smss_press_meet_vid2+pho1_asc10058

সমগ্ৰ ৰাজ্যজুৰি নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছে যদিও মহামান্য উচ্চতম ন্যায়ালয়ক অন্ধকাৰত ৰাখি এন আৰ চি আপত্তি নিষ্পত্তিৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক অযথা হাৰাশাস্তি কৰি থকাৰ লগতে একাংশ জাতীয়তাবাদী সংগঠন আৰু চৰকাৰৰ শ্ৰুতলিপি মতে এন আৰ চিৰ চুড়ান্ত তালিকাৰ পৰা লাখ লাখ ভাৰতীয় মানুহৰ নাম বাদ দিয়াৰ ষড়যন্ত্ৰ চলি আছে বুলি আজি কলগাছিয়া মহকুমা সাংবাদিক সংস্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদমেলত অভিযোগ কৰে আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰে কয় যে, সংখ্যালঘুক অযথা হাৰাশাস্তিৰ বিষয়টো ৰাষ্ট্ৰীয় পৰ্য্যায়ত লৈ যাবলৈ অহা ২১ মে' ত দিল্লীত প্ৰতিবাদী কাৰ্যসূচীৰ হাতত লোৱা হৈছে। ইয়াৰ পিছতো যদি সংখ্যালঘু মানুহৰ ওপৰত অত্যাচাৰ বন্ধ নকৰে তেন্তে পৰৱৰ্তী সময়ত অসমত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হব আৰু ইয়াৰ বাবে দায়ী হব প্ৰতীক হাজেলা, অসমৰ একাংশ জাতীয় সংগঠন আৰু অসম চৰকাৰ।

আনহাতে, সংবাদ মেল যোগে সদৌ অসম ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি আশ্ৰাফুল ইছলামে অভিযোগ উত্থাপন কৰি কয় যে, প্ৰতীক হাজেলাই নিৰ্দেশনা দিয়াৰ পিছতো এন আৰ চিৰ আপত্তি শুনানি গ্ৰহণ কৰা বিষয়াই আপত্তিকাৰী শুনানিত উপস্থিত নোহোৱাৰ পিছতো কেন্দ্ৰস্থলত এক পক্ষীয় ভাবে বিষয়টো নিষ্পত্তি নকৰি পিছত কৰিব বুলি পেলাই থোৱা ঘটনাই গভীৰ ষড়যন্ত্ৰৰ ইংগিত বহন কৰিছে । শীঘ্ৰে ভুৱা আৰু ভিত্তিহীন আপত্তি সমূহ খাৰিজ কৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে শুদ্ধ এন আৰ চি প্ৰস্তুত কৰিবলৈ আৰু আপত্তিকাৰী উপস্থিত নহলে প্ৰতীক হাজেলাই দিয়া নিৰ্দেশনা মতে এক পক্ষীয়ভাৱে বিষয়টো নিষ্পত্তি কৰাৰ বাবে দাবী উত্থাপন কৰে আমছুৰ লগতে সদৌ অসম ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।Conclusion:slug : as_jania_16may_aamsu_and_smss_press_meet_vid2+pho1_asc10058

sot-1 & sot-2: আমছু সভাপতি ৰেজাউল সৰকাৰ আৰু ছাত্ৰ মুক্তিৰ সভাপতি আশ্ৰাফুল

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.