ETV Bharat / state

বৰপেটাত কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত মানৱ শৃংখল

author img

By

Published : Dec 24, 2020, 1:59 PM IST

Updated : Dec 24, 2020, 2:24 PM IST

এবছৰ পাচত ৰাজ্যত পুনৰ আৰম্ভ হৈছে "কা" বিৰোধী আন্দোলন ৷ চৰকাৰী ষড়যন্ত্ৰৰ বলি হৈ বন্দীত্বৰ জীৱন অতিবাহিত কৰি থকা কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত বৰপেটাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰূপায়ন কৰে মানৱ শৃংখল কাৰ্যসূচী ৷

smss human chain demand release akhil gogoi
বৰপেটাত কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত মানৱ শৃংখল

বৰপেটা,২৪ ডিচেম্বৰ: সমগ্ৰ ৰাজ্যজুৰি পুনৰ আৰম্ভ হৈছে "কা" বিৰোধী আন্দোলন । সমান্তৰালভাৱে উত্থাপিত হৈছে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীও । বিগত প্ৰায় তেৰ মাহে চৰকাৰী ষড়যন্ত্ৰৰ বলি হৈ বন্দীত্বৰ জীৱন অতিবাহিত কৰি আছে কৃষক নেতা অখিল গগৈয়ে । অসমীয়া জাতিৰ আৱেগ অনুভূতিক ভূলণ্ঠিত কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বলবৎ কৰা জাতিধ্বংসী "কা" আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ নেতৃত্ব লোৱাৰ অপৰাধতে বন্দী জীৱন কটাবলগীয়া হৈছে কৃষক নেতাগৰাকীয়ে ৷

পিছে অখিল গগৈক বন্দী কৰি ৰখাৰ পিছতো স্তব্ধ হোৱা নাই জাতিধ্বংসী "কা" বিৰোধী আন্দোলন ৷ বৃহস্পতিবাৰে বৰপেটা পাঁচ আলি চকত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণেৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা সমিতিয়ে অখিল গগৈৰ মুক্তিৰ দাবী জনায় ৷ "কা" আমি নামানো,অসমীয়া জাতি ধ্বংস হ'বলৈ দিয়া নহ'ব,অখিল গগৈসহ সকলো "কা" বিৰোধী নেতাক মুক্তি দিয়ক আদি ধ্বনিৰে বৰপেটা চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে ।

লগতে পঢ়ক: 10 মিনিটৰ বাবে স্থগিত ঘোষণা বিটিচিৰ সদন

Last Updated : Dec 24, 2020, 2:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.