জনীয়া, ২৬ ফেব্ৰুৱাৰী: শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে গুনিয়ালগুৰি বি বি আঞ্চলিক ক্লাৱৰ ৰূপালী জয়ন্তী উৎসৱ । বৰপেটা জিলাৰ অগ্ৰণী বে চৰকাৰী অনুষ্ঠান বি বি আঞ্চলিক ক্লাৱে সগৌৰৱেৰে ২৫ টা বছৰ । ২৬,২৭ আৰু ২৮ ফেব্ৰুৱাৰী তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ৰূপালী জয়ন্তী উৎসৱ উদযাপনৰ কাৰ্যক্ৰমনিকা । শুকুৰবাৰৰ প্ৰথম দিনৰ কাৰ্যসূচীমতে ৰাতিপুৱা স্বচ্ছতা অভিযানেৰে আৰম্ভ কৰে ।
তাৰ পাচত ক্লাৱৰ পতাকা উত্তোলন কৰে আয়োজক সমিতিৰ সভাপতি আব্দুল হামিদ চৌধুৰীয়ে । পৰৱৰ্তী কাৰ্যসূচীক্ৰমে বৃক্ষ ৰোপন, খেল-ধেমালি প্ৰতিযোগিতা আৰম্ভ কৰা হয় । তাৰোপৰি, শুকুৰবাৰৰ বিশেষ কাৰ্যসূচী হিচাপে আৰম্ভ হৈছে ৰক্তদান শিবিৰ । ইয়াৰ পিছত আবেলি ২ বজাৰ পৰা সংগীত প্ৰতিযোগিতা আৰু সন্ধিয়া ৭ বজাৰ পৰা নৃত্য প্ৰতিযোগিতা আৰম্ভ হ'ব । আয়োজক সমিতিৰ বিষয়ববীয়াসকলে ৰূপালী জয়ন্তীৰ সমূহ কাৰ্যসূচী সাফল্যমণ্ডিত কৰিবলৈ বৃহত্বৰ অঞ্চলৰ ৰাইজলৈ আহবান জনাইছে ।
লগতে পঢ়ক:কোকৰাঝাৰক সেউজ কৰি তোলাৰ লক্ষ্যৰে ডাষ্টবিন বিতৰণ প্ৰমোদ বড়োৰ