ETV Bharat / state

ধন লৈ বিজেপি প্ৰাৰ্থীক সহায় কৰিছিল নেকি এআইইউডিএফ নেতাই !

author img

By

Published : Apr 11, 2021, 9:53 AM IST

সৰভোগত বিজেপিৰ প্ৰাৰ্থী শংকৰ চন্দ্ৰ দাসৰ পৰা ধন লৈ নির্বাচনত নির্দলীয় প্রার্থীৰ হকে ভোট দিবলৈ চক্ৰান্তত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে কেবাগৰাকীও এআইইউডিএফ দলৰ নেতাৰ বিৰুদ্ধে ৷ উক্ত অভিযোগত ইতিমধ্যে ছজনকৈ জিলা আৰু সমষ্টি পৰ্যায়ৰ নেতাক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে এআইইউডিএফ দলৰ বৰপেটা জিলা সমিতিয়ে ৷

shocose-notice-against-aiudf-leaders
ধন লৈ বিজেপি প্ৰাৰ্থীক সহায়ৰ অভিযোগ এআইইউডিএফ নেতাৰ বিৰুদ্ধে

বৰপেটাৰোড, 10 এপ্ৰিল : সৰভোগৰ মহাজোঁটৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ বিৰুদ্ধে অৱস্থান কৰি বৃহৎ ধনৰ লেনদেনত বিজেপি প্ৰাৰ্থীক জয়ী কৰোৱাৰ অভিযোগ উত্থাপন হৈছে এআইইউডিএফ দল কেইবাগৰাকীও নেতাৰ বিৰুদ্ধে ৷ এই অভিযোগত ইতিমধ্যে ছজনকৈ জিলা আৰু সমষ্টি পৰ্যায়ৰ নেতাক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে এআইইউডিএফ দলৰ বৰপেটা জিলা সমিতিয়ে ৷

জাননী জাৰি কৰা এআইইউডিএফ দলৰ ছয় নেতা ক্ৰমে: মহিৰুদ্দিন মণ্ডল, আব্দুল চেলিম, সেইজনুল হক, হাফিজ বিল্লাল হুছেইন, উম্মত আলী,আৰু আব্দুল আলিম ৷

উক্ত নেতা সকলে বিজেপিৰ প্ৰাৰ্থী শংকৰ চন্দ্ৰ দাসৰ পৰা ধন লৈ নির্বাচনত নির্দলীয় প্রার্থীৰ হকে ভোট দিবলৈ চক্ৰান্তত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে । নিৰ্বাচনৰ পূৰ্বে সৰভোগৰ বালাভিঠাৰ এখন ধাবাত এই নেতা সকলে বিজেপিৰ এজেন্টৰ সৈতে নিশা গোপন আলোচনাত মিলিত হৈ ধনৰ লেনদেন কৰা বুলি অভিযোগ উত্থাপিত হৈছিল ৷ স্বয়ং বৰপেটা জিলা সমিতিৰ সভাপতি ছামচুদ্দিন আহমেদে এইসকল নেতাৰ সেই গোপন বৈঠকত উপস্থিত হৈ হাতেলোটে ধৰা পেলাইছিল বুলি প্ৰকাশ কৰিছে । সেয়ে সৰভোগ সমষ্টিৰ উক্ত নেতা সকলক ২৪ ঘন্টাৰ ভিতৰত কৈফিয়ৎৰ উত্তৰ দিবলৈ নিৰ্দেশনা দিয়াৰ কথা এক সংবাদমেলৰ আয়োজন কৰি উল্লেখ কৰে এআইইউডিএফ দলৰ বৰপেটা জিলা সমিতিৰ সভাপতি ছামচুদ্দিন আহমেদে ।

লগতে পঢ়ক: মূৰ্কংচেলেকত ক'ভিড টেষ্ট নকৰাকৈ পলায়ন ৰে'ল যাত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.