বৰপেটা,২ ফেব্ৰুৱাৰী : পুনৰ বিতৰ্কত বিধায়ক শ্বেৰামন আলী (MLA Sheraman Ali in controversy)। এইবাৰ বৰপেটা সত্ৰৰ ভূমি বেদখলত বাধাৰ চেষ্টা বিধায়কগৰাকীৰ । উচ্ছেদৰ পক্ষত থকা একাংশ লোকক উদ্দেশ্যি বিধায়কগৰাকীৰ ভাবুকি ।
উল্লেখ্য যে, বৰপেটা সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই অলপতে ৰাজ্য চৰকাৰলৈ জনাইছিল আবেদন ৷ এই আবেদনৰ পাছতেই বৰপেটা সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশ ক্ৰমে জিলা প্ৰশাসন তৎপৰ হৈ পৰে । কিন্তু তেনে সময়তেই বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে প্ৰদান কৰা কঠোৰ সকীয়নিক লৈ এতিয়া আৰম্ভ হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷
বৰপেটা সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ পক্ষত থকা লোকসকলক উদ্দেশ্যি বিধায়কগৰাকীয়ে ক'লে বিজেপি চৰকাৰ গ'লেই সত্ৰৰ ভূমি উচ্ছেদৰ সৈতে জড়িত সকলৰ ওপৰত লোৱা হ'ব কঠোৰতকৈয়ো কঠোৰ প্ৰতিশোধ ৷ এনে ধৰণৰ বহু বিতৰ্কিত ভাষণ দিয়া এটা ভিডিঅ' সম্প্ৰতি ভাইৰেল হৈ পৰিছে । যাৰ বাবে বিভিন্ন মহলত চৰ্চা চলিছে ।
বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ ১ নং বৰদলনি গাঁৱত ৪১৩ নং দাগত থকা বৰপেটা সত্ৰৰ ৪০ বিঘা ভূমিত চলা অবৈধ বেদখল উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল বাঘবৰ ৰাজহ চক্ৰ বিষয়াই ৷ ইতিমধ্যে ৩১ জানুৱাৰীত সত্ৰৰ ভূমি জোখ মাপ কৰি চাৰিওফালে খুটা পুতি থৈ আহিছিল ৰাজহ চক্ৰ বিষয়াই ৷ ইয়াৰোপৰি বেদখলকাৰীসকলক সত্ৰৰ ভূমিৰ পৰা আতৰি যোৱাৰো জাননী জাৰি কৰিছিল ৷
কিন্তু মঙলবাৰে নিশা বিধায়ক শ্বেৰমান আলী আহমেদে উক্ত বেদখলী ভূমিত উপস্থিত হৈ প্ৰশাসনে পুতি থৈ অহা খুটি নিজ হাতে উভালি পেলাই । লগতে লোকসকলক সত্ৰৰ বেদখলী ভূমিত নিশ্চিন্তে থাকিবলৈ আহ্বান জনায় ৷ বিধায়কগৰাকী জীয়াই থকালৈ তাত কোনো ধৰণৰ উচ্ছেদ হ'ব নোৱাৰে বুলিও সকীয়াই দিয়ে ।
বিধায়ক শ্বেৰমান আলী আহমেদৰ এনে কাৰ্যত আশ্বৰ্য প্ৰকাশ কৰিছে বাঘবৰ ৰাজহ চক্ৰ বিষয়া সোনবৰ চুতীয়াই ৷ তেওঁ বিধায়ক গৰাকীক প্ৰশাসনক সহযোগ কৰাৰ বাবে আহ্বান জনায় ৷ ইপিনে ১নং বৰদলনি গাঁৱত থকা বৰপেটা সত্ৰৰ ভূমিৰ লগতে মন্দিয়াত থকা মহাপুৰুষীয়া সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবেও উচ্ছেদ চলিব বুলি সদৰি কৰে ৰাজহ চক্ৰ বিষয়া সোনবৰৰ চুতীয়াই ৷
শেহতীয়াভাৱে বিধায়কগৰাকীয়ে সত্ৰৰ ভূমিৰ সীমাৰ খুটা উভালি পেলোৱাৰ পাছতেই বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ সদস্যসকল বাঘবৰত উপস্থিত হৈ বিধায়কগৰাকীৰ কাৰ্য আৰু মন্তব্যৰ নিন্দা কৰে ৷ এয়া বৰপেটা সত্ৰবাসীক প্ৰদান কৰা ভাবুকি বুলিও মন্তব্য কৰে সত্ৰ পৰিচালনা সমিতিয়ে ৷
লগতে পঢ়ক :অসম আৰক্ষী তথা চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ বীৰ লাচিত সেনা