বৰপেটা, 14 মে’ : বৰপেটাৰ সৰুক্ষেত্ৰীত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড (Sensational murder case in Barpeta) ৷ ভিনীয়েকৰ হাতত নিহত হৈছে খুলশালী ৷ নিহত যুৱকজনৰ নাম হৈছে নজৰুল ইছলাম ৷ বৰপেটাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত কাৱৈমাৰী 9 নং ব্লকত সংঘটিত হোৱা এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি ৷
ঘটনাৰ বিৱৰণি অনুসৰি, মিৰজান আলী নামৰ ব্যক্তিগৰাকীৰ ছোৱালীজনী প্ৰায় 5 মাহ পূৰ্বে বিয়া হৈছিল আমিদুল আলী নামৰ লোকজনলৈ ৷ তাৰ পাচৰ পৰাই দুয়োখন ঘৰৰ মাজত সৃষ্টি হয় কিছু মতানৈক্যৰ ৷ মাজে সময়ে দুয়োখন ঘৰৰ পৰিয়ালৰ লোকৰ মাজত কথাৰ কটা-কটিৰ লগতে মাৰপিটৰ ঘটনাও সংঘটিত হৈছিল ৷
অভিযোগ অনুসৰি, শুকুৰবাৰে হঠাতে মিৰজান আলীৰ জোৱায়েকৰ ঘৰৰ মানুহে তেওঁৰ পুত্ৰ নজৰুল ইছলামৰ ওপৰত আক্ৰমণ চলায় (Brutal murder in Barpeta) ৷ মিৰজান আলীৰ জোৱায়েক আমিদুল আলীৰ নেতৃত্বত চাৰিজনীয়া এটা দলৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হয় নজৰুল ইছলাম ৷ জানিব পৰা মতে, আমিদুল আলীৰ নেতৃত্বত থকা আক্ৰমণকাৰী দলটোত আছিল ৰহিম বাদছা, আব্দুৰ আলী আৰু আজিমুদ্দিন ৷
উক্ত আক্ৰমণৰ ঘটনাত নজৰুলৰ পত্নী ইলিজা বেগম, পিতৃ মিৰজান আলী আৰু মাতৃ সুন্দৰী বেগমো গুৰুত্বৰভাৱে আহত হয় ৷ ইফালে পৰৱৰ্তী সময়ত নজৰুল ইছলামক বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ কিন্তু চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় নজৰুল ইছলামৰ ৷
ইপিনে শনিবাৰে নিশাৰ ভাগত কোনো দুৰ্বৃত্তই জ্বলাই দিয়ে মৃত নজৰুল ইছলামৰ বাসগৃহত ৷ নিশাৰ আন্ধাৰৰ সুযোগ লৈয়ে কোনো দুৰ্বৃত্তই এনে ঘটনা সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ভুক্তভোগী তথা স্থানীয় ৰাইজে ৷ উক্ত ঘটনাক কেন্দেৰ কৰি সৰুক্ষেত্ৰীত সৃষ্টি হৈছে তুমুল প্ৰতিক্ৰিয়াৰ ৷
লগতে পঢ়ক : Sensational murder at Rangapara: পুত্ৰৰ হাতত প্ৰাণ গ'ল দুৰ্ভগীয়া মাতৃৰ