ETV Bharat / state

আমি গাঁৱলীয়া বাটেৰেই বিশ্ব দৰবাৰলৈ যাব লাগে: ৰূপকোঁৱৰৰ কন্যাৰ আহ্বান - Jyotiprasad Agarwala

Jyotiprasad Agarwala: কলগাছিয়াত জ্যোতি-বিষ্ণু-নজৰুলৰ জীৱন দৰ্শনৰ ওপৰত মনোজ্ঞ আলোচনা চক্ৰ । জ্যোতিপ্ৰসাদ আগৰৱালাই সমন্বয়ৰ অসম গঢ়িব বিচাৰিছিল বুলি মন্তব্য় ৰূপকোঁৱৰৰ কন্যা জ্ঞানশ্ৰী আগৰৱালাৰ ।

Discussion on philosophy of Bishnu Rabha
জ্যোতি-ৰাভা-নজৰুল সংঘ
author img

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 4:51 PM IST

জ্যোতি-ৰাভা-নজৰুল সংঘ

জনিয়া,১৯ জানুৱাৰী: বৰপেটা জিলাৰ কলগাছিয়াত প্ৰয়াত সংগ্ৰামী নেতা আব্দুল কৰিম ভূঞাৰ নেতৃত্বত ১৯৯১ চনত স্থাপন হোৱা স্বেচ্ছাসেৱী সংগঠন জ্যোতি-ৰাভা-নজৰুল সংঘই ২৫ বছৰ অতিক্ৰম কৰিলে । এই উপলক্ষে যোৱা ১৭ জানুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপালী জয়ন্তী উদযাপন কৰা হৈছে । কাৰ্যসূচী মতে, বৃহস্পতিবাৰে দিনৰ ২ বজাত 'জ্যোতি-বিষ্ণু-নজৰুলৰ জীৱন দৰ্শন আৰু বৰ্তমান সমাজত ইয়াৰ প্ৰাসংগিকতা' শীৰ্ষক এটি মনোজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত হয় । এই আলোচনা চক্ৰখনি শুভ উদ্বোধন কৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কন্যা জ্ঞানশ্ৰী আগৰৱালাই ।

সাহিত্যিক ডাঃ ৰেজাউল কৰিমে সঞ্চালনা কৰা আলোচনা চক্ৰত আলোচক হিচাপে উপস্থিত থাকি বিশিষ্ট কবি সমীন্দ্ৰ হুজুৰী, তিনিচুকীয়া কলেজৰ বাংলা বিভাগৰ মুৰব্বী অধ্যাপক ড৹ সুশান্ত কৰ, বিশিষ্ট লেখক তথা অৱসৰী অধ্যাপক দ্বীজেন বৰ্মন, হাউলী বি এইচ কলেজৰ অধ্যাপক ড৹ চুলতান আলী আহমেদ আৰু বৰপেটা এম চি কলেজৰ সহকাৰী অধ্যাপক মনজিৎ পাঠকে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় । প্ৰবীন সাংবাদিক তথা আয়োজক সমিতিৰ সভাপতি মৌলানা আব্দুল হামিদে আদৰণি ভাষণ আগবঢ়ায় । এই আলোচনা চক্ৰত উদ্বোধনী ভাষণ আগবঢ়ায় ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয় কন্যা জ্ঞানশ্ৰী আগৰৱালা পাঠকে ।

ভাষণ প্ৰসংগত জ্ঞানশ্ৰী আগৰৱালা পাঠকে কয়,"মোৰ পিতৃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই এখন সমন্বয়ৰ দেশ গঢ়িব বিচাৰিছিল । এখন ভাতৃত্ববোধৰ অসম গঢ়িব বিচাৰিছিল । মোৰ পিতৃৰ স্মৰণত আপোনালোকে শিল্পী দিৱস পালন কৰে আৰু আলোচনা চক্ৰ অনুষ্ঠিত কৰিছে,তাৰবাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো ।" তেওঁ পুনৰ কয়,"প্ৰতিগৰাকী মানুহৰে শিল্পী মন আছে । আমি নিজৰ নিজৰ শিল্পীমনক জগাই তুলিব লাগে, তেতিয়াহে দেশৰ সাংস্কৃতি বিকাশ হব, সমন্বয় প্ৰতিষ্ঠা হব ।"

ভাষণ প্ৰসংগত তেওঁ কয়, "কোনো মানুহেই শিপা পাহৰি যাব নালাগে, আমি গাঁৱলীয়া বাটেৰেই বিশ্ব দৰবাৰলৈ যাব লাগে ।" শিপা বুলিলে তেওঁ অসমৰ জাতীয় জীৱন আৰু বাৰেবৰণীয়া সংস্কৃতিৰ কথা উল্লেখ কৰিছে । আলোচক হিচাপে বিদ্ৰোহী কবি কাজী নজৰুল ইছলামৰ সাহিত্য কৰ্ম, কবিতা আৰু নজৰুলৰ গদ্য সাহিত্যৰ ওপৰত বক্তব্য আগবঢ়ায় । তিনিচুকীয়া কলেজৰ বাংলা বিভাগৰ মুৰব্বী অধ্যাপক ড৹সুশান্ত কৰ । বিশিষ্ট কবি সমীন্দ্ৰ হুজুৰিয়ে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন দৰ্শনৰ ওপৰত বক্তব্য আগবঢ়ায় । তেওঁ সাম্প্ৰতিক সময়ত ৰাম মন্দিৰৰ প্ৰসংগ উল্লেখ কৰি চৰকাৰক সমালোচনা কৰে । তেওঁ কয় যে পূঁজিবাদী চৰকাৰখনে মদাহী শিল্পী, সাহিত্যিক সকলক বিচাৰে, যিসকলে মানুহৰ কাৰণে সাহিত্য ৰচনা নকৰে, সাংস্কৃতি চৰ্চা নকৰে তেওঁলোককহে চৰকাৰে বিচাৰি ফুৰে ।

লেখক দ্বীজেন বৰ্মনে কয়,"চৰ-চাপৰিৰ মিঞা মুছলমান সকলেই অসমীয়া ভাষা জীয়াই ৰাখিছে । বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদে মিঞা সকলক ন-অসমীয়া বুলি কৈছিল, কিন্তু তেওঁলোক আজি পুৰণি হ'ল ।" অনুষ্ঠানটোত হাউলিৰ বি এইচ কলেজৰ অধ্যাপক ড৹চুলতাল আলী আহমেদেও ভাষণ আগবঢ়ায় ।

লগতে পঢ়ক:ন্যায়ালয়ৰ কাষ চাপিব নৱ শৰণীয়া, ৰাজনৈতিক চক্ৰান্তৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.