ETV Bharat / state

বৰপেটা সত্ৰৰ ভৰ দৌলৰ দ্বিতীয় দিন: লোকে লোকাৰণ্য সত্ৰৰ চৌহদ

author img

By

Published : Mar 18, 2022, 7:31 PM IST

বৰপেটা সত্ৰৰ কীৰ্তন ঘৰত পুৱাৰে পৰা নিত্য-নৈমিত্তিক প্ৰসংগ চলাৰ পিছত গোঁসাইৰ সন্মুখত যোগমোহন গৃহত আইসকলৰ প্ৰসংগ, ভকতৰ প্ৰসংগ, গায়ন বায়নৰ খোল প্ৰসংগ অনুষ্ঠিত হয় ৷ নিশা গোঁসাইক দৌল গৃহৰ পৰা নমোৱাৰ পাছত কীৰ্তন ঘৰৰ চাৰিওফালে সাতপাক প্ৰদক্ষিণ কৰোৱা হ’ব ৷

second day of bhar daul in Barpeta Satra
বৰপেটা সত্ৰত আজি ভৰ দৌলৰ দ্বিতীয় দিন

বৰপেটা, ১৮ মাৰ্চ : ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ(Deul Mahotshav at Barpeta Satra) আজি অৰ্থাৎ শুকুৰবাৰে তৃতীয় দিন ৷ শুকুৰবাৰে সত্ৰত পালন কৰা হৈছে ভৰ দৌল(Barpeta Satra Bhor Deul) ৷ বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ ভৰদৌলৰ আজি দ্বিতীয়টো দিন ৷ ভৰদৌল উপলক্ষ্যে পুৱাৰে পৰা সত্ৰৰ কীৰ্তন ঘৰত নিত্য-নৈমিত্তিক প্ৰসংগ চলাৰ পিছত গোঁসাইৰ সন্মুখত যোগমোহন গৃহত আইসকলৰ প্ৰসংগ, ভকতৰ প্ৰসংগ, গায়ন বায়নৰ খোল প্ৰসংগ অনুষ্ঠিত হয় ৷

আজি গোঁসাই দৌলগৃহৰ ওপৰতে থাকিব যদিও নিশা ১২ বজাত গোঁসাইক দৌল গৃহৰ পৰা নমোৱা হ’ব ৷ গোসাইক দৌলগৃহৰ পৰা নমাই প্ৰথমে যোগমোহন গৃহত ৰাখিব আৰু পুৱতি নিশা সত্ৰৰ বাৰান্দাত থকা সু-সজ্জিত স্থানত ৰাখিব ৷ শনিবাৰে বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ সুঁৱেৰী ৷ শনিবাৰে পুৱাৰে পৰা শিশুৰ পৰা বৃদ্ধলৈকে সমস্ত বৰপেটাবাসী ৰঙেৰে একাকাৰ হ’ব ৷ ৰঙত নাচি উঠিব বৰপেটাৰ বৃন্দাবন ৷ বিয়লি গোঁসাইক কলবাৰী সত্ৰলৈ হেকেটা খুৱাবলৈ নিব ৷

বৰপেটা জিলা উপায়ুক্ত তেজ প্ৰসাদ ভুচাল

কলবাৰী সত্ৰৰ পৰা গোঁসাই ঘূৰি অহাৰ পিছত সত্ৰৰ টোপৰ চোতালত বাঁহ ভঙা পৰ্ব আৰু মঠৰ চোতালত বোল বোলনি অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ ইয়াৰ মাজতে গোঁসাইক কীৰ্তন ঘৰৰ চাৰিওফালে সাতপাক প্ৰদক্ষিণ কৰাই মণিকূট গৃহত প্ৰৱেশ কৰাব ৷ ইয়াৰ লগে লগে চাৰিদিনীয়া দৌল মহোৎসৱৰ সামৰণি পৰিব ৷ উল্লেখ্য যে, প্ৰাচীন ভাৰতৰ বসন্ত ঋতুত উদযাপিত উৎসৱসমূহৰ ভিতৰত উল্লেখযোগ্য আনন্দোৎসৱ হ’ল মদনোৎসৱ ৷

বসন্ত ঋতুতে এই উৎসৱ অনুষ্ঠিত হয় বাবে ইয়াক বসন্ত উৎসৱ বুলিও কোৱা হয় ৷ বসন্ত উৎসৱেই ভাৰতৰ বিভিন্ন প্ৰান্তত ভিন্ন সময়ত হোলী উৎসৱ, ফল্গুৎসৱ বা ফাকুৱা আৰু মদনোৎসৱ আদি নামেৰে পৰিচিত হৈ আহিছে ৷ ষষ্ঠদশ শতিকাৰ মাজভাগত ফল্গু উৎসৱৰ মধ্যমণি হৈ পৰে ভগৱান শ্ৰীকৃষ্ণ ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈকুণ্ঠৰ আৰ্হিত বৰদোৱাত দৌল মহোৎসৱ পাতিছিল ৷ তাৰপাছত বৰদোৱা সত্ৰৰ দৌল মহোৎসৱৰ আৰ্হিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ মথুৰাদাস বুঢ়া আতাই বৰপেটা সত্ৰত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ পাতনি মেলে ৷

লগতে পঢ়ক : বৰপেটা সত্ৰত দৌল মহোৎসৱ: আজিৰে পৰা ভৰ দৌল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.