গোৱালপাৰা, 16 এপ্ৰিলঃ "নৰেন্দ্ৰ মোডীৰ দিনতে এন আৰ চিৰ নামত সংখ্যালঘু লোকক হাৰাশাস্তি কৰা হৈছে ৷ ডিটেনচন কেম্পত ধৰ্ষিতা হয় সংখ্যালঘু মহিলা৷" এই অভিযোগ বদৰুদ্দিন আজমলৰ পুত্ৰ আব্দুৰ ৰহমান আজমলৰ ৷ সোমবাৰে বৰপেটাৰ খোলাবন্ধাত নিৰ্বাচনী প্ৰচাৰ চলাই এনেদৰে কয় আজমল তনয়ে ৷ একেখন সভাতে সাংসদ চিৰাজুদ্দিন আজমলে বৰপেটাৰ এ আই ইউ ডি এফ প্ৰাৰ্থী ড0 ৰফিকুল ইছলামক ৰাইজক ভোট দিবলৈ আহ্বান জনায় ৷ সভাত কংগ্ৰেছ আৰু অগপ-বিজেপিক তীব্ৰ সমালোচনা কৰে ৰফিকুল ইছলামে ৷
ডিটেনচন কেম্পত ধৰ্ষিতা হয় মহিলাঃ আব্দুৰ ৰহমান আজমল - এ আই ইউ ডি েফ
"নৰেন্দ্ৰ মোডীৰ দিনতে এন আৰ চিৰ নামত সংখ্যালঘু লোকক হাৰাশাস্তি কৰা হৈছে ৷ ডিটেনচন কেম্পত ধৰ্ষিতা হয় সংখ্যালঘু মহিলা৷" এই অভিযোগ বদৰুদ্দিন আজমলৰ পুত্ৰ আব্দুৰ ৰহমান আজমলৰ ৷
ডিটেনচন কেম্পত ধৰ্ষিতা হয় মহিলাঃ আব্দুৰ ৰহমান আজমল
গোৱালপাৰা, 16 এপ্ৰিলঃ "নৰেন্দ্ৰ মোডীৰ দিনতে এন আৰ চিৰ নামত সংখ্যালঘু লোকক হাৰাশাস্তি কৰা হৈছে ৷ ডিটেনচন কেম্পত ধৰ্ষিতা হয় সংখ্যালঘু মহিলা৷" এই অভিযোগ বদৰুদ্দিন আজমলৰ পুত্ৰ আব্দুৰ ৰহমান আজমলৰ ৷ সোমবাৰে বৰপেটাৰ খোলাবন্ধাত নিৰ্বাচনী প্ৰচাৰ চলাই এনেদৰে কয় আজমল তনয়ে ৷ একেখন সভাতে সাংসদ চিৰাজুদ্দিন আজমলে বৰপেটাৰ এ আই ইউ ডি এফ প্ৰাৰ্থী ড0 ৰফিকুল ইছলামক ৰাইজক ভোট দিবলৈ আহ্বান জনায় ৷ সভাত কংগ্ৰেছ আৰু অগপ-বিজেপিক তীব্ৰ সমালোচনা কৰে ৰফিকুল ইছলামে ৷
Slug : Nagarbera = Minority Woman Raped in Detention Camp Everyday.vis+byte send FTP,16.04.19
Anchor : ক্ৰমাৎ গৰম হৈ উঠিছে ৰাজ্যৰ নিৰ্বাচনী বতাহ। বৰপেটা লোক সভাতো ইজনে সিজনক গালি দিয়াতে ক্ষান্ত নাথাকি উত্থাপন কৰিছে গুৰুতৰ অভিযোগ। ইপিনে ভোট ভিক্ষা কৰিবলৈ আহি আজমল পুত্ৰৰ অভিযোগঃ ডিটেনছন কেম্পত প্ৰত্যেক দিনাই বলাৎকাৰ কৰা হৈছে সংখ্যালঘু মহিলাক। আৰু বহু কথা.... । চাওক আমাৰ এক প্ৰতিবেদন ।
V. O : লোক সভা নিৰ্বাচনক লৈ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বহু চৰ্চিত মিত্ৰতাৰ কথাটো সোমবাৰে স্বীকাৰ কৰিলে সাংসদ চিৰাজুদ্দিন আজমলে। কংগ্ৰেছ বেইমানী কৰিছে আৰু ইয়াৰ ফল পাবই। এই কথাই কি বুজাইছে?? তাৰোপৰি কেন্দ্ৰ মিত্ৰজোঁটৰ চৰকাৰ হলে এ আই ইউ ডি এফে কোনো কাৰণতে সমৰ্থন নকৰে কংগ্ৰেছক।
V. O : বেচ গৰম হৈ উঠিছে বৰপেটা লোক সভা সমষ্টিৰ নিৰ্বাচনী বতাহ। সমষ্টিৰ লাখ লাখ জনতাৰ সমস্যা সমুহক একাষৰীয়া কৰি ভোট লাভৰ বাবে প্ৰত্যেকেই লৈছে নিকৃষ্ট পন্থা। সোমবাৰে বৰপেটা জিলাৰ খোলাবান্ধাত হেলিকপ্টাৰ যোগে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি AIUDF ৰ প্ৰাৰ্থী ড০ ৰফিকুল ইছলামে কি কলে শুনক... । প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী কংগ্ৰেছৰ আব্দুল খালেক হেনো গুৱাহাটীত পত্নীৰে মিলি চলাইছিল ভুৱা ছাৰ্টিফিকেট মাৰ্কছিটৰ ৰমৰমীয়া বেহা । ইপিনে মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক সমালোচনা কৰিবলৈ গৈ ধৰ্মীয় সংখ্যালঘু লোকক মনত পেলাই দিলে নেলিকে ধৰি ৰাজ্যত সংঘটিত সাম্প্ৰদায়িক দাংগাৰ কথা। সংখ্যালঘু লোকক লৈ এয়াই নিকৃষ্ট ৰাজনীতি।
V. O : আজমল পুত্ৰ আব্দুৰ ৰহমান আজমল আকৌ এখোপ চৰা। আজমল পুত্ৰৰ অভিযোগঃ কংগ্ৰেছৰ দিনত সৃষ্ট ডিটেনশ্বন কেম্পত প্ৰত্যেক দিনাই বলাৎকাৰ কৰা হয় সংখ্যালঘু মহিলাক। কেৱল এয়াই নহয়, বিশ্বনাথৰ ঘটনা বৰ্ণনা কৰি সংখ্যালঘু জনগণক আবেগিক কৰি ভোট আদায়ৰ চেষ্টা আজমল পুত্ৰৰ। এই সকলোবোৰ কথা নিৰ্বাচন আয়োগৰ দৃষ্টি দিয়াৰ প্ৰয়োজন নাইনে??
V. O : ড০ ৰফিকুল ইছলামৰ নিৰ্বাচনী সভাত হেলিকপ্টাৰ যোগে আহি উপস্থিত হৈ আজমল ভাতৃ তথা বৰ্তমানৰ সাংসদ চিৰাজুদ্দিন আজমলে কি কলে শুনক.... । তেওঁৰ গা ভাল নহয়, বেমাৰ। গতিকে দলৰ ফালৰ পৰা প্ৰাৰ্থী দিয়া হৈছে ৰফিকুল ইছলামক । উপস্থিত ভোটাৰক হাত দাঙি প্ৰতিজ্ঞা কৰালে চিৰাজুদ্দিন আজমলে। প্ৰতিকুল বতৰৰ বাবে প্ৰায় ৩ ঘন্টা পলমকৈ অনুষ্ঠিত হয় নিৰ্বাচনী সভাখন।
Byte 1 : চিৰাজুদ্দিন আজমল, সাংসদ ।
Byte 2, 3 : ৰফিকুল ইছলাম, প্ৰাৰ্থী ।।
গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম ই টি ভি ভাৰত অসম।