ETV Bharat / state

বৰপেটাৰ গৰেমাৰীত যাত্ৰীৰ স্ক্ৰীণিং পৰীক্ষা আৰম্ভ

author img

By

Published : Jun 6, 2021, 7:44 PM IST

ৰাজ্যত কৰ'ণাৰ সংক্ৰমণ অব্যাহত থকাৰ প্ৰতি লক্ষ্য ৰাখি বৰপেটাত আৰম্ভ হৈছে যাত্ৰীৰ স্ক্ৰীণিং পৰীক্ষা (screening test)। দেওবাৰে ১১১৮ নং গৰেমাৰী প্ৰাথমিক বিদ্যালয়ত অস্থায়ীভাৱে স্থাপন কৰা কেন্দ্ৰটোত অন্য জিলাৰ পৰা বৰপেটা জিলালৈ অহা যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে ।

Barpeta
বৰপেটাৰ পূৱ সীমান্তৰ গৰেমাৰীত আৰম্ভ যাত্ৰীৰ স্ক্ৰীণিং পৰীক্ষা

বৰপেটা,৬ জুন : ৰাজ্যৰ বিভিন্ন জিলাত কৰ'ণা(corona)ৰ সংক্ৰমণ অব্যাহত আছে । তাৰ মাজতে বৰপেটা প্ৰশাসনে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ পদক্ষেপ । জিলাখনৰ পূব সীমান্তৰ মাজদিয়া-গৰেমাৰীত আৰম্ভ কৰা হৈছে যাত্ৰীৰ স্ক্ৰীনিং পৰীক্ষা । দেওবাৰে ১১১৮ নং গৰেমাৰী প্ৰাথমিক বিদ্যালয়ত অস্থায়ীভাৱে স্থাপন কৰা হৈছে স্ক্ৰীণিং পৰীক্ষা কেন্দ্ৰ ।

চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ চফুৰা বেগমৰ নেতৃত্বত এটি চিকিৎসকৰ দলে পুৱাৰ পৰা অন্য জিলাৰ পৰা বৰপেটা জিলালৈ অহা যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰিছে । মাজদিয়া আৰক্ষী চকীৰ সহকাৰী উপ-পৰিদৰ্শক পবিত্ৰ কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে অন্য জিলাৰ পৰা অহা যাত্ৰীসকলক নিৰীক্ষণ কৰি আছে ৷

১১১৮ নং গৰেমাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চেলিম আহমেদেও স্ক্ৰীণিং কেন্দ্ৰত সহযোগিতা আগবঢ়াইছে । ইফালে জিলা প্ৰশাসন আৰু স্বাস্থ্যবিভাগৰ এই পদক্ষেপক প্ৰশংসা কৰা দেখা গৈছে বৰপেটা জিলাৰ ৰাইজে ।

লগতে পঢ়ক:এখন নৈৰ অপমৃত্যু : অতীত হোৱাৰ দিশে সোণডোবা নৈ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.