ETV Bharat / state

ৰাজ্যত হালাল কৰা মাংসৰ বিক্ৰী বন্ধ কৰাৰ দাবী সত্যৰঞ্জন বৰাৰ - ইছলাম

বজাৰত হালাল কৰি বিক্ৰী কৰা মাংস সেই বিশেষ সম্প্ৰদায়ৰ লোকে নিজৰ ধৰ্ম ৰক্ষাৰ বাবে লোৱা এক প্ৰচেষ্টা বুলি মন্তব্য কৰে সত্যৰঞ্জন বৰাই ৷ শনিবাৰে বৰপেটাত উপস্থিত হৈ এই মন্তব্য কৰে সত্যৰঞ্জন বৰাই ৷

সত্যৰঞ্জন বৰা
সত্যৰঞ্জন বৰা
author img

By

Published : Aug 30, 2020, 12:54 PM IST

বৰপেটা, 30 আগষ্ট: ৰাজ্যত চলি থকা লাভ জেহাদৰ সৈতে তন্ত্ৰ-মন্ত্ৰ, বেজ, জৰা ফুকা আদি জড়িত হৈ আছে ৷ শনিবাৰে বৰপেটাত উপস্থিত হৈ এই মন্তব্য কৰে সত্যৰঞ্জন বৰাই ৷ সত্যৰঞ্জন বৰাই সংবাদ মাধ্যমযোগে উল্লেখ কৰা অনুসৰি, পূৰ্বে বিশ্বাস কৰা নাছিল যদিও লাভ জেহাদৰ ঘটনাৰ সৈতে তন্ত্ৰ-মন্ত্ৰ আদিৰ প্ৰভাৱ আছে ৷

অসমীয়া যুৱতী মহিলাসকল লাভ জেহাদৰ চিকাৰ হৈ থকাটো সহ্য কৰা নহ'ব বুলিও সকিয়নী প্ৰদান কৰে হিন্দুত্ববাদী নেতাগৰাকীয়ে ৷ লাভ জেহাদৰ ঘটনাৰ সৈতে আৰৱৰ দ্বাৰা পৰিচালিত একাংশ মৌলানা জড়িত বুলি তেওঁ মন্তব্য কৰাৰ লগতে মছজিদ, মাদ্ৰাছাবোৰত তাৰেই শিক্ষা দিয়ে বুলিও উল্লেখ কৰে ৷

আনহাতে ইছলাম আৰু কোৰাণ ৰাজনৈতিক ক্ষমতা দখলৰ চৈধ্যশ বছৰীয়া এক প্ৰক্ৰিয়া বুলিও তেওঁ অভিহিত কৰে ৷ কোৰাণ পঢ়ি তেওঁ ধৰ্মপুথি পঢ়িলেনে কোনো সামৰিক কৌশল প্ৰদান কৰা পুথিহে পঢ়িলে সেই বিষয়ে তেওঁ নিজেও স্পষ্টভাৱে জ্ঞাত নহয় বুলিও তেওঁ সংবাদ মাধ্যমযোগে উল্লেখ কৰে ৷

ৰাজ্যত হালাল কৰা মাংসৰ বিক্ৰী বন্ধ কৰাৰ দাবী সত্যৰঞ্জন বৰাৰ

বাওপন্থীসকলক সমালোচনাৰ লক্ষ্য কৰি লোৱা সত্যৰঞ্জন বৰাই বাওপন্থীসকলক উৰহৰ সৈতে তুলনা কৰে আৰু ব্যৱস্থাৰ পৰিৱৰ্তনৰ বাবে সময়ৰ আৱশ্যক হ'ব বুলি উল্লেখ কৰে ৷ জাতীয় সত্বা আৰু হিন্দু চেতনা জাগৰণ যাত্ৰাৰ অংশ হিচাপে শনিবাৰে বৰপেটাত উপস্থিত হোৱা সত্যৰঞ্জন বৰাই ৰাম সেনাই অনুষ্ঠিত কৰা এখন সভাত অংশগ্ৰহন কৰি, বজাৰত হালাল কৰি বিক্ৰী কৰা মাংসও সেই বিশেষ সম্প্ৰদায়ৰ লোকে নিজৰ ধৰ্ম ৰক্ষাৰ বাবে লোৱা এক প্ৰচেষ্টা বুলি কয় ৷ তেওঁ হিন্দু সকলক হালাল মাংস পৰিহাৰ কৰাৰ বাবে আহ্বান জনাই হিন্দুৰ স্বাৰ্থত কথা কোৱাৰ বাবেই তেওঁক সাম্প্ৰদায়িক বুলি কৰা সমালোচনাক আদৰণি জনায় ৷

লগতে পঢ়ক: এবছৰত নিৰ্মাণ হ’ব লগীয়া গড়কাপ্তানি পথৰ আধাও হৈ নুঠিল দুবছৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.