বৰপেটা,21 অক্টোবৰ: ক’ভিড 19 ত আক্ৰান্ত হৈছে শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক তথা বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা ৷ বুঢ়াসত্ৰীয়া গৰাকীৰ বোৱাৰী আৰু এগৰাকী নাতিয়ো আক্ৰান্ত হৈছে ভাইৰাছবিধৰ দ্বাৰা ৷ বুধবাৰে ৰেপিড পৰীক্ষাৰ অন্তত বুঢ়া সত্ৰীয়া গৰাকীৰ দেহত ধৰা পৰে ভাইৰাছবিধৰ উপস্থিতি ৷ সম্প্ৰতি বৰ্ষীয়ান বুঢ়াসত্ৰীয়া গৰাকীক ভৰ্তি কৰোৱা হৈছে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে আতংকিত হৈ পৰে বৰপেটাবাসী ৷ সকলো স্তৰৰ ৰাইজে বুঢ়াসত্ৰীয়া গৰাকীৰ আশু-আৰোগ্য কামনা কৰিছে ৷
লগতে চাওকঃ অপৰাধমূলক কাৰ্য ৰোধৰ দাবীত স্মাৰকপত্ৰ প্ৰদান