ETV Bharat / state

ভাৰত বৰিষ নৱ জাগৰণ ঐতিহ্য মহোৎসৱ আৰু জাতীয় চেতনা বৰ্ষৰ শুভাৰম্ভণি - পাটবাউসী

বৰপেটাৰ পাটবাউসীৰ শংকৰদেৱ থানত ভাৰত বৰিষ নৱ জাগৰণ ঐতিহ্য মহোৎসৱ আৰু জাতীয় চেতনা বৰ্ষৰ শুভাৰম্ভণি । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পাটবাউসীত পদাৰ্পণ কৰাৰ ৪৭৫ বৰ্ষ সম্পূৰ্ণ । গুৰুজনাৰ এই ঐতিহাসিক যাত্ৰাক নৱ ৰূপ দিয়াৰ মানসেৰে অসম জাতীয় মহাসভা আৰু অসম সত্ৰ মহাসভাৰ ব্যতিক্ৰমী প্ৰয়াস ।

বৰপেটাত জাতীয় চেতনা বৰ্ষৰ শুভাৰম্ভণি
বৰপেটাত জাতীয় চেতনা বৰ্ষৰ শুভাৰম্ভণি
author img

By

Published : Sep 30, 2020, 11:05 AM IST

বৰপেটা, ২৯ ছেপ্টেম্বৰ : বৰপেটাৰ পাটবাউসীত আজিৰে পৰা আৰম্ভ হৈছে ভাৰত বৰিষ নৱ জাগৰণ ঐতিহ্য মহোৎসৱ । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পাটবাউসীত পদাৰ্পণ কৰাৰ ৪৭৫ বৰ্ষ সম্পূৰ্ণ হোৱাৰ এই পবিত্ৰ ক্ষণত জাতীয় চেতনা বৰ্ষৰ শুভাৰম্ভ কৰে অসম জাতীয় মহাসভা আৰু অসম সত্ৰ মহাসভাই । জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে উজনি নামনি সৰ্বত্ৰে একশৰণ হৰি নাম ধৰ্মৰ প্ৰচাৰ কৰিছিল । গুৰুজনাই পাটবাউসীত সত্ৰ স্থাপন কৰি নাট, গীত, পদ ৰচনা, ধৰ্ম প্ৰচাৰ আৰু সত্ৰীয়া সংস্কৃতিৰ সাধনাত ব্ৰতী হৈছিল । গুৰুজনাৰ পাটবাউসী আগমন অসমীয়া জাতিৰ বাবে ঐতিহ্যপূৰ্ণ ক্ষণ আছিল ৷

satra maha sabha jatiya cetona barsha
ভাৰত বৰিষ নৱ জাগৰণ ঐতিহ্য মহোৎসৱ আৰু জাতীয় চেতনা বৰ্ষৰ শুভাৰম্ভণি

এই ঐতিহাসিক যাত্ৰাক নৱ ৰূপ দিয়াৰ মানসেৰে অসম জাতীয় মহাসভা আৰু অসম সত্ৰ মহাসভা আৰু পাটবাউসী শংকৰদেৱ থান পৰিচালনা সমিতিয়ে গুৰুজনাৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি ভাৰত বৰিষ নৱ জাগৰণ ঐতিহ্য মহোৎসৱ আৰু জাতীয় চেতনা বৰ্ষ আৰম্ভ কৰে ৷ অসম জাতীয় মহাসভাৰ সভাপতি তথা সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ অধিকাৰী, সত্ৰ মহা সভাৰ সম্পাদক প্ৰধান কুসুম মহন্তকে ধৰি কেবাগৰাকীও সত্ৰাধিকাৰৰ উপস্থিতিত বটদ্ৰবা সত্ৰ আৰু পাটবাউসী শংকৰদেৱ থানৰ সত্ৰাধিকাৰ দেৱানন্দ গোস্বামীয়ে পাটবাউসী সত্ৰত বন্তি প্ৰজ্বলনেৰে জাতীয় চেতনা বৰ্ষৰ কাৰ্যসূচী শুভাৰম্ভ কৰে ৷

satra maha sabha jatiya cetona barsha
ভকতৰ মাজত ভেষজ বিতৰণ

জাতীয় চেতনা বৰ্ষৰ জৰিয়তে ৰাজ্যখনৰ ১২৪২ খন সত্ৰক একত্ৰিত কৰাৰ পৰিকল্পনা কৰা হৈছে ৷ জাতীয় চেতনা যাত্ৰা শুভাৰম্ভ অনুষ্ঠানত বৰপেটাৰ উপাযুক্ত মুনীন্দ্ৰ শৰ্মা আৰু সত্ৰাধিকাৰসকলে সাচি বৃক্ষৰোপণ কাৰ্যসূচীতো অংশগ্ৰহণ কৰে ৷ পাটবাউসী সত্ৰত অনুষ্ঠিত এই অনুষ্ঠানত সত্ৰৰ ভকতৰ লগতে কেইবাজনো বিশিষ্ঠ ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ কৰ'ণা মহামাৰীৰ সংকটৰ পৰিপ্ৰেক্ষিতত এই অনুষ্ঠানতে জাতীয় মহাসভাৰ তৰফৰ পৰা সত্ৰৰ ভকতসকলৰ মাজত আয়ুৰ্বেদ ঔষধৰ টোপোলা প্ৰদান কৰা হয় ৷
লগতে পঢ়ক : ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত উঠিল বুলড'জাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.