বৰপেটা, ৩ জুলাই : অসমৰ সত্ৰসমূহৰ ভূমি বে-দখল সম্পৰ্কীয় বিষয় চোৱা-চিতাৰ বাবে বঙাইগাঁৱত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেটত গঠন কৰা হৈছিল তিনিজনীয়া সত্ৰ আয়োগ ৷ প্ৰদীপ হাজৰিকাক অধ্যক্ষ হিচাপে লৈ বিধায়ক মৃনাল শইকীয়া আৰু ৰূপক শৰ্মাক সদস্য হিচাপে লৈ গঠিত সত্ৰ আয়োগৰ এটা পৰামৰ্শদাতা সমিতিৰ এটা দলে সোমবাৰে বৰপেটা, সুন্দৰীদিয়া, পাটবাউসীৰ শংকৰদেৱ থান আৰু দামোদৰদেৱ সত্ৰ পৰিদৰ্শন কৰে ৷
![Satra encroachment committee](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03-07-2023/as-bar-01to09-3july-satra-ayog-at-barpeta-visbitephoto-as10038_03072023165118_0307f_1688383278_96.jpg)
ড৹ ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁই, তপন কুমাৰ হাজৰিকা আৰু ড৹ অমিয় কুমাৰ শৰ্মাক লৈ গঠিত পৰামৰ্শদাতা সমিতিয়ে আজি বৰপেটাত উপস্থিত হৈ সত্ৰসমূহৰ ভূমি বে-দখলৰ সমস্যাসমূহৰ বুজ লয় ৷ পৰামৰ্শদাতা সমিতিৰ সদস্যসকলে জনোৱা মতে, আগন্তুক ডিচেম্বৰ মাহৰ ভিতৰত সত্ৰ আয়োগে ৰাজ্য চৰকাৰৰ হাতত অৰ্পণ কৰিব চূড়ান্ত প্ৰতিবেদন ৷
![Satra encroachment committee](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03-07-2023/as-bar-01to09-3july-satra-ayog-at-barpeta-visbitephoto-as10038_03072023165118_0307f_1688383278_846.jpg)
চূড়ান্ত প্ৰতিবেদন যুগুতোৱাৰ পূৰ্বে সত্ৰ আয়োগৰ পৰামৰ্শদাতা সমিতিৰ সদস্যসকলে পুনৰ সত্ৰসমূহত উপস্থিত হৈ সত্ৰসমূহৰ ভূমি বে-দখলৰ সমস্যা, ভূমিৰ স্থিতি আদি কেতবোৰ বিষয়ৰ বুজ লয় ৷ পৰামৰ্শদাতা সমিতিৰ পৰামৰ্শৰ আধাৰত সত্ৰ আয়োগে চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব চৰকাৰৰ হাতত ৷
ইপিনে আজিও সত্ৰসমূহৰ ভূমিত বেদখল চলাই আছে একাংশ মুছলমান লোকে ৷ বহৰিৰ পীড়লা সত্ৰ, বৰপেটাৰ সুন্দৰীদিয়া সত্ৰকে ধৰি বহু সত্ৰৰ ভূমিত এতিয়াও মুছলমান লোকে চলাই আছে বে-দখল ৷ মাধৱদেৱ গুৰুৱে প্ৰতিষ্ঠা কৰা সুন্দৰীদিয়া সত্ৰৰ বৰিয়া বিল আৰু বৰিয়া পথাৰৰ ভূমিত এতিয়াও অব্যাহত আছে মুছলমান বেদখলকাৰীৰ দপদপনি ৷ আনকি সত্ৰৰ ভূমি পৰিদৰ্শনৰ বাবে যোৱা সুন্দৰীদিয়া সত্ৰৰ সদ্য প্ৰয়াত সত্ৰাধিকাৰ জগন্নাথ অধিকাৰীক একাংশ মুছলমান বেদখলকাৰীয়ে অপদস্থ কৰাৰ কথাও ব্যক্ত কৰে সত্ৰৰ ডেকাসত্ৰীয়া গৰাকীয়ে ৷
লগতে পঢ়ক : Illegal Parghat at Kalgachia : পাৰঘাটক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি