ETV Bharat / state

বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়াৰ অভিষেক সম্পন্ন - ডেকা সত্ৰীয়াৰ অভিষেক উৎসৱ

মঙলবাৰে বৰপেটা সত্ৰৰ নৱ নিৰ্বাচিত ডেকা সত্ৰীয়াৰ অভিষেক উৎসৱৰ আয়োজন কৰা হয় । গায়ন-বায়নসহ শ শ লোকে নিজ গৃহৰ পৰা আদৰি সত্ৰলৈ লৈ আহে ডেকা সত্ৰীয়া গৌতম পাঠকক । পৰৱৰ্তী সময়ত পৰম্পৰাগত নীতি নিয়মৰ মাজেৰে ডেকা সত্ৰীয়াই সত্ৰত প্ৰৱেশ কৰে ।

বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়াৰ অভিষেক সম্পন্ন

author img

By

Published : Feb 16, 2021, 8:46 PM IST

বৰপেটা,১৬ ফেব্ৰুৱাৰী: উদুলি মুদুলি পৰিবেশ বৰপেটা সত্ৰত । ডেকা-বুঢ়া সকলোৱে ওলাই আহিল বৰপেটা সত্ৰলৈ । কিয়নো মঙলবাৰে সত্ৰৰ নৱ নিৰ্বাচিত ডেকা সত্ৰীয়াৰ অভিষেক উৎসৱৰ আয়োজন কৰা হয় । অভিষেক অনুষ্ঠান উপলক্ষে নৱ নিৰ্বাচিত ডেকা সত্ৰীয়া গৌতম পাঠকক নিজ বাসগৃহ পাঠকহাটীৰ পৰা গায়ন-বায়ন সহিতে বৰপেটাৰ বাইশখন হাটীৰ ভকত-আইসকল আৰু যুৱক-যুৱতীয়ে নাম-কীৰ্তনেৰে চহৰৰ মুখ্য পথেৰে পৰিভ্ৰমণ কৰি সত্ৰলৈ আদৰি আনে । সত্ৰত প্ৰৱেশৰ পিছতে পৰম্পৰা অনুসৰি মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ গুৰুভিঠি (মঠ)ত সেৱা জনাই ডেকাসত্ৰীয়া পাঠকে থানৰ বাতৰি সোধে ৷ বুঢ়া সত্ৰীয়া বাপজনাই থানৰ বাতৰি কোৱাৰ পিছত ডেকা সত্ৰীয়া বাপজনাক আদৰি আনি মঠৰ চোতালৰ ডেকা সত্ৰীয়াৰ বাবে নিৰ্দিষ্ট আসনত বহুৱায় । তাৰ পিছত সত্ৰৰ কীৰ্ত্তন ঘৰৰ উত্তৰৰ মূল দুৱাৰেৰে কীৰ্তন ঘৰত প্ৰৱেশ কৰি গুৰু আসনৰ সন্মুখত সেৱা জনাই কীৰ্তন ঘৰৰ ভিতৰৰ ডেকা সত্ৰীয়াৰ নিৰ্দিষ্ট আসনত বহুৱায় আৰু ইয়াতে তেওঁক সত্ৰৰ বুঢ়াসত্ৰীয়াই নৱ নিৰ্বাচিত ডেকা সত্ৰীয়া পাঠকক মালা-নিৰ্মালী, পঞ্চ বস্ত্ৰ আদি প্ৰদান কৰে । কীৰ্তন ঘৰৰ পৰা ঘাই দুৱাৰেৰে ওলাই আহি সত্ৰ চৌহদত থকা শ্ৰীশ্ৰীমথুৰা দাস বুঢ়াআতা, বদলা (পদ্ম) আতাৰ ভিঠিৰ লগতে সত্ৰৰ সেৱাৰ থলী সমূহত সেৱা জনাই উত্তৰৰ কেওঁলীয়া ভকতৰ বাহাসমূহত সেৱা জনাই আৰু কেওঁলীয়া হাটীৰ উত্তৰৰ বাটচ'ৰাত বহে ডেকাসত্ৰীয়াগৰাকীয়ে । ইয়াতে থুল দক্ষিণ হাটীৰ ৰাইজৰ হকে ভড়ালী-মজুমদাৰে বস্ত্ৰ প্ৰদান কৰি মান ধৰে ।

বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়াৰ অভিষেক সম্পন্ন

একাদিক্ৰমে থুল নহাটী আৰু থুল উত্তৰহাটীৰ বাটচ'ৰাতো তেখেতক বহুৱাৰ পিছত নহাটীৰ পাঁচখন হাটীৰ থুলৰ হকে আৰু এঘাৰখন হাটীৰ থুলৰ হকে থুল উত্তৰ হাটীৰ ভড়ালী-মজুমদাৰে বস্ত্ৰ, গুৱা-পাণ প্ৰদান কৰি যথানিয়মে নৱ নিৰ্বাচিত ডেকা সত্ৰীয়াক মান ধৰে । শেষত তেখেতক নহাটীস্থ শ্ৰীশ্ৰীমথুৰাদাস বুঢ়াআতাৰ আদি ভিঠিলৈ আদৰি লৈ যোৱা হয় আৰু তাত সেৱা জনোৱাৰ পিছত নহাটীৰ ৰাইজে মান ধৰে ৷ এনেদৰে ব্যাপক উৎসাহ - উদ্দীপনাৰ মাজেৰে বৰপেটা সত্ৰৰ নৱ নিৰ্বাচিত ডেকাসত্ৰীয়াৰ অভিষেক উৎসৱৰ সামৰণি পৰে ৷

লগতে পঢ়ক:বৰমা মহাবিদ্যালয়ত সৰস্বতী পূজাৰ লগতে উদযাপন বাথৌ পূজা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.