ETV Bharat / state

বেকী নদীয়ে জীৱন বচাইছে চনপুৰা ৰাইজৰ

author img

By

Published : May 1, 2021, 2:12 PM IST

জনীয়া সমষ্টিৰ চনপুৰা গাঁৱত বিশুদ্ধ খোৱীপানীৰ বাবে ৰাইজৰ হাঁহাকাৰ পৰিস্থিতি। বেকী নদীৰ লেতেৰা পানী সেৱন কৰি প্ৰাণ বচাইছে একাংশ ৰাইজে । নাই দমকল, নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা ।

বেকী নদীয়ে জীৱন বচাইছে চনপুৰা ৰাইজৰ
বেকী নদীয়ে জীৱন বচাইছে চনপুৰা ৰাইজৰ

জনীয়া, 1 মে': জনীয়া সমষ্টিৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চনপুৰা গাঁৱৰ ৰাইজে এটোপাল বিশুদ্ধ খোৱা পানীৰ অভাৱত হাহাকাৰ কৰিব লগা হৈছে । বেকী নদীৰ লেতেৰা পানী কাপোৰেৰে শোধন কৰি খোৱা ব্যৱস্থা কৰিছে গাঁওখনৰ ৰাইজে ৷

জানিব পৰা মতে গাঁওখনৰ ৰাইজে খোৱা পানী ব্যৱস্থা কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন-নিবেদন কৰিছিল যদিও আজি পৰ্যন্ত কোনো ফল নাপালে ৷ যাৰ বাবে এটোপাল খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে চনপুৰা গাঁৱৰ ৰাইজে ৷

বেকী নদীয়ে জীৱন বচাইছে চনপুৰা ৰাইজৰ

উল্লেখ্য যে, নদীৰ ঘোলা পানী সেৱন কৰাৰ ফলত ভূক্তভোগী ৰাইজৰ মাজত নানা বেমাৰ-আজাৰে দেখা দিছে ৷ মন কৰিবলগীয়া যে, অঞ্চলটোৰ ৰোগী সকলৰ চিকিৎসা কৰিবলৈ টকা পইচাৰ অভাৱ ঘটা কথা জানিবলৈ দিছে স্থানীয় লোকে ৷

অঞ্চলটোৰ ৰাইজৰ অভিযোগ অনুসৰি স্থানীয় বিধায়ক গৰাকীয়ে যোৱা সময়ছোৱাত খোৱা পানীৰ সু-ব্যৱস্থাৰ কৰিব বুলি বহুবাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি আজিকোপতি কাৰ্যকৰী নহ'ল ৷ সেয়েহে বেকী নদীৰ গৰাখহনীয়াই জুৰুলা কৰা চনপুৰা গাঁৱৰ ৰাইজৰ বাবে অতি সোনকালে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ৷

লগতে পঢ়ক: কৰ’ণাত আক্ৰান্ত প্ৰবীণ বাওঁপন্থী নেতা হেমেন দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.