ETV Bharat / state

হাজাৰ হাজাৰ বন্তিৰ মায়াময় পোহৰত উজলিল বহৰি সত্ৰ চৌহদ - বহৰি সত্ৰ

অসমত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক চাৰিজনা মহাপুৰুষৰ অন্যতম মহাপুৰুষ হৰিদেৱৰ ৪৫৪ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে পাঁচদিনীয়া কাৰ্যসূচীৰে বহৰি সত্ৰত উদযাপন তিৰোভাৱ তিথি মহোৎসৱ ৷

মায়াময় পোহৰত উজ্বলিল বহৰি সত্ৰ চৌহদ
author img

By

Published : Jun 3, 2019, 11:42 AM IST

বৰপেটা, 3 জুনঃ অসমত নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰক চাৰিজনা মহাপুৰুষৰ অন্যতম মহাপুৰুষ হৰিদেৱৰ ৪৫৪ সংখ্যক তিৰোভাৱ তিথি মহোৎসৱ পাঁচদিনীয়া কাৰ্যসূচীৰে পালন বহৰি সত্ৰত ৷ মহাপুৰুষজনাৰ তিৰোভাৱ তিথি উপলক্ষে দেওবাৰে বহৰি সত্ৰত অনুষ্ঠিত হয় গোন্ধ মহোৎসৱ ৷ গোন্ধ মহোৎসৱ উপলক্ষে বহৰি সত্ৰত গুৰুজনাৰ ভক্ত আৰু অনুগামীসকলে হাজাৰ হাজাৰ বন্তি প্ৰজ্বলনেৰে বৈষ্ণৱ গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা ভক্তি নিবেদন কৰে ৷ সত্ৰীয়া পৰম্পৰা অনুসৰি প্ৰতিবছৰে জেঠ মাহৰ অমাৱস্যা তিথিত হৰিদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ পালন কৰা হয় ৷

মায়াময় পোহৰত উজ্বলিল বহৰি সত্ৰ চৌহদ

গোন্ধ সভা মহোৎসৱৰ দিনটোত ভক্তসকলে উপবাসে থাকি সত্ৰৰ কীৰ্তনঘৰত সূৰ্যাস্তৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে ৷ ভক্ত সকলে জ্বলোৱা হাজাৰ হাজাৰ বন্তিৰ মায়াময় পোহৰত উজ্বলি উঠে বহৰি সত্ৰ চৌহদ ৷ ভক্তসকলে সন্ধিয়াৰ ভাগত জ্বলোৱা বন্তি সমূহ উজাগৰে পৰ দি থাকি সূৰ্যোদয়ৰ মুহূৰ্তলৈকে জ্বলাই ৰাখে ৷ বহৰি সত্ৰৰ প্ৰতিষ্ঠাতা হৰিদেৱ গুৰুজনাৰ প্ৰতি সেৱা ভক্তি নিবেদনৰ অৰ্থে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ভক্ত বৈষ্ণৱ আহি বহৰি সত্ৰত সমবেত হৈ এনেদৰে বন্তি প্ৰজ্বলন কৰে ৷

Slug:     as_bar_3june_haridev_tithi_at_bahari_satra_vis+bite+photo_7203841                    

 বৰপেটাৰ বহৰি সত্ৰত মহাপুৰুষ হৰিদেৱৰ তিৰোভাৱ তিথি মহোৎসৱঃ
গোন্ধ মহোৎসৱত ভক্তই হাজাৰ হাজাৰ বন্তি প্ৰজ্বলনেৰে গুৰুজনালৈ জনালে ভক্তি ৷৷

বৰপেটা, ৩ জুনঃ অসমত নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰক চাৰিজনা মহাপুৰুষৰ অন্যতম মহাপুৰুষ হৰিদেৱৰ ৪৫৪ সংখ্যক তিৰোভাৱ তিথি মহোৎসৱ পাঁচদিনীয়া কাৰ্যসূচীৰে বহৰি সত্ৰত পালন কৰা হৈছে ৷ দেওবাৰে বহৰি সত্ৰত অনুষ্ঠিত হয় গোন্ধ মহোৎসৱ ৷ গোন্ধ মহোৎসৱ উপলক্ষে বহৰি সত্ৰত গুৰুজনাৰ ভক্ত আৰু অনুগামীসকলে হাজাৰ হাজাৰ বন্তি প্ৰজ্বলনেৰে বৈষ্ণৱ গুৰুজনাৰ প্ৰতি অন্তৰৰ শ্ৰদ্ধা ভক্তি নিবেদন কৰে ৷ সত্ৰীয়া পৰম্পৰা অনুসৰি প্ৰতিবছৰে জেঠ মাহৰ অমাৱশ্যা তিথিত হৰিদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ পালন কৰা হয় ৷ তিৰোভাৱ তিথিৰ আগদিনা সত্ৰত অনুষ্ঠিত হয় গোন্ধ সভা মহোৎসৱ ৷ গোন্ধ সভা মহোৎসৱৰ দিনটোত ভক্তসকলে উপবাসে থাকি সত্ৰৰ কীৰ্তনঘৰত সূৰ্যাস্তৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে ৷ ভক্ত সকলে জ্বলোৱা হাজাৰ হাজাৰ বন্তিৰ মায়াময় পোহৰত উজ্বলি উঠে বহৰি সত্ৰ চৌহদ ৷ ভক্তসকলে সন্ধিয়াৰ ভাগত জ্বলোৱা বন্তি সমুহ উজাগৰে পৰ দি থাকি সূৰ্যোদয়ৰ মুহূৰ্তলৈকে জ্বলাই ৰাখে ৷ বহৰি সত্ৰৰ প্ৰতিষ্ঠাতা  হৰিদেৱ গুৰুজনাৰ প্ৰতি সেৱা ভক্তি নিবেদনৰ অৰ্থে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ভক্ত বৈষ্ণৱ আহি বহৰি সত্ৰত সমবেত হৈ এনেদৰে বন্তি প্ৰজ্বলন কৰে ৷ বৈষ্ণৱ গুৰুজনাৰ প্ৰতি এনেদৰে ওৰে নিশা বন্তি জ্বলাই ৰখাটো গুৰু ভক্তিৰ অনন্য নিদৰ্শন হিচাপে চিহ্নিত হৈছে ৷

বাইটঃ সত্ৰৰ বিষয়ববীয়া ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ, বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.