ETV Bharat / state

SA Visit : খাৰবাল্লী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে অভিযোগ

বৰপেটা(Barpeta)ৰ ৮০৬ নং খাৰবাল্লী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে অভিযোগ ৰাইজৰ । প্ৰথম শ্ৰেণীৰ বাদে আন শ্ৰেণীত পাঠদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে । ৰাইজৰ অভিযোগৰ ভিত্তিত সোমবাৰে বিদ্যালয় পৰিদৰ্শন কৰে বিভাগীয় কৰ্তৃপক্ষই ।

SA visits Kharballi LP school
খাৰবাল্লী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে অভিযোগ
author img

By

Published : Nov 17, 2021, 12:50 PM IST

জনীয়া, ১৭ নৱেম্বৰ : বিদ্যালয়ৰ সকলো শ্ৰেণীতে পাঠদান কৰিব নোৱাৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে বৰপেটা(Barpeta)ৰ ৰূপসী শিক্ষাখণ্ডৰ ৮০৬ নং খাৰবাল্লী প্ৰাথমিক বিদ্যালয়(Kharballi LP school)ৰ প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে । অভিভাৱক আৰু স্থানীয় ৰাইজে এই অভিযোগ উত্থাপন কৰিছে । এই অভিযোগৰ ভিত্তিতে সোমবাৰে বিদ্যালয়খনত উপস্থিত হয় শিক্ষা বিভাগৰ বিষয়া । তেওঁ প্ৰতিটো শ্ৰেণীলৈ গৈ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে ।

উক্ত দিনটোত প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ পাঠদান চলি আছিল বিদ্যালয়খনত । বিষয়াগৰাকীৰ মতে, উক্ত শ্ৰেণীকেইটাত সঠিকভাৱে পাঠদান চলি আছে । অৱশ্যে চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বিষয়াগৰাকীয়ে বাৰ্তালাপ কৰিব পৰা নাই । বিদ্যালয় পৰিচালনা সমিতিৰ সৈতেও তেওঁ এই বিষয়ে আলোচনা কৰিব বুলি জানিবলৈ দিয়ে ।

খাৰবাল্লী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে অভিযোগ

বিষয়াগৰাকীয়ে জনোৱা মতে, তেওঁ বিদ্যালয় পৰিদৰ্শনৰ প্ৰতিবেদন শীৰ্ষ বিষয়াক দাখিল কৰিব আৰু সেই অনুসৰি বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব । ৰাইজৰ অভিযোগ মতে, বিদ্যালয়খনৰ শিক্ষয়িত্ৰী মফিদা খাতুনে(Mafida Khatun) প্ৰধান শিক্ষয়িত্ৰী হিচপে নিযুক্তি লাভ কৰাৰ পিছৰে পৰা প্ৰথম শ্ৰেণীৰ বাদে বাকী শ্ৰেণীসমূহত পাঠদান কৰা নাই । আনকি তেওঁ প্ৰছিডিং আদিও লিখিবলৈ নাজানে বুলি গুৰুতৰ অভিযোগ তুলিছে স্থানীয় ৰাইজৰ লগতে অভিভাৱকসকলে ।

ইয়াৰ উপৰিও মধ্যাহ্ন ভোজন(Mid-day-meal)ৰ খাদ্য বিতৰণতো ব্যাপক খেলি মেলি হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । ইফালে, বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী মফিদা খাতুনে সকলো অভিযোগ খণ্ডন কৰি মাত্ৰ ৫ জন ব্যাক্তিয়ে তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা বুলি কয় । লগতে, শিক্ষয়িত্ৰীগৰাকীয়ে প্ৰধান শিক্ষকৰ দায়িত্ব ল'ব বিচৰা নাছিল বুলিও সংবাদ মাধ্যমক অৱগত কৰে । এতিয়া বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক : ডিচেম্বৰৰ শেষৰ ভাগত চানমাৰিত অনুষ্ঠিত হ’ব গ্ৰন্থমেলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.