ETV Bharat / state

RSS Path Sanchalan : সমগ্ৰ ৰাজ্যতে আৰ এছ এছৰ 'পথ সঞ্চালন কাৰ্যসূচী' ৰূপায়ণ - RSS organise Path Sanchalan at Diphu

দেওবাৰে সমগ্ৰ ৰাজ্যতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছৰ নেতৃত্বত 'পথ সঞ্চালন কাৰ্যসূচী' ৰূপায়ণ কৰা হয় (RSS Path Sanchalan Across Assam) ৷ সমান্তৰালকৈ বৰপেটা, ডিফুৰ লগতে সোণাৰীতো এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

rss-workers-organise-path-sanchalan-in-assam
সমগ্ৰ ৰাজ্যতে আৰ এছ এছৰ 'পথ সঞ্চালন কাৰ্যসূচী' ৰূপায়ণ
author img

By

Published : Jan 10, 2022, 12:19 PM IST

নিউজ ডেস্ক, 10 জানুৱাৰী : দেওবাৰে সমগ্ৰ ৰাজ্যতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছৰ 'পথ সঞ্চালন কাৰ্যসূচী' ৰূপায়ণ কৰা হয় (RSS Path Sanchalan Across Assam) ৷ সামন্তৰালভাৱে ডিফুত অনুষ্ঠিত হয় মধ্য কাৰ্বি আংলং জিলা শাখাৰ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ পথ সঞ্চালন কাৰ্যসূচী (RSS organise Path Sanchalan at Diphu ) ৷

এই কাৰ্যসূচী অনুসৰি ডিফু ক্লাৱ প্ৰাঙ্গনত মধ্য কাৰ্বি আংলঙৰ কেইবাশতাধিক সংঘৰ সদস্য কৰ্মীয়ে বগা টি চাৰ্ট, খাকী লংপেণ্ট পৰিধান কৰি হাতত একোডাল দণ্ডলৈ পথ সঞ্চালনৰ আখৰা কৰাৰ লগতে ডিফু চহৰৰ মাজেৰে শৃংখলাবদ্ধভাৱে উলিওৱা পথ সঞ্চালন কাৰ্যসূচী ৰূপায়ণ কৰে ৷

rss-workers-organise-path-sanchalan-in-assam
ডিফুত আৰ এছ এছৰ 'পথ সঞ্চালন কাৰ্যসূচী' ৰূপায়ণ

এই পথ সঞ্চালনৰ পূৰ্বে জিলা সংঘ চালক নৰেশ্বৰ সন্দিকৈয়ে বন্তি প্ৰজলন কৰি এই কাৰ্যসূচীৰ উদ্বোধন কৰে ৷ এই কাৰ্যসূচী পৰিচালনা কৰে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ জিলা কাৰ্যবাহক দিনেশ কাথাৰ ৷ বিভাগ প্ৰচাৰক কেশৱ ভূঞাই ভাষণ প্ৰদান কৰি পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি অধিক আকৰ্ষিত নহৈ স্বজাতি ,স্বভাষা, স্বাভিমান আদি ৰক্ষাকৰি পুণ্যভূমি ভাৰতৰ মান মৰ্যদা অটুট ৰখাৰ আহ্বান জনায় ৷

ইয়াৰোপৰি, বৰপেটা, বৰপেটাৰোড আৰু পাঠশালা নগৰ মণ্ডলৰ লগতে জিলাখনৰ 13 টা মণ্ডলৰ স্বয়ংসেৱক সকলেও দেওবাৰে 'পথ সঞ্চালন কাৰ্যসূচী' ৰূপায়ণ কৰে (RSS workers organise path sanchalan at Barpeta) ৷ এই কাৰ্যসূচী অনুসৰি হাউলীস্থিত চণ্ডী বৰুৱা মিনি ষ্টেডিয়াম খেলপথাৰৰ পৰা পদ সঞ্চালন আৰম্ভ কৰি হাউলি চহৰৰ মাজেৰে প্ৰায় 3 কিলোমিটাৰ পথ পৰিভ্ৰমণ কৰে স্বয়ংসেৱকসকলে ৷

rss-path-sanchalan-across-assam
বৰপেটাতো আৰ এছ এছৰ 'পথ সঞ্চালন কাৰ্যসূচী' ৰূপায়ণ

এই পথ সঞ্চালন কাৰ্যসূচীত বিভাগ কার্যবাহ নিৰঞ্জন বৰ্মন, বৰপেটা জিলা সংঘ চালক প্ৰফুল্ল দাস, জিলা কার্যবাহ নৱ কুমাৰ পাঠকৰ লগতে সংঘৰ প্ৰায় 500 স্বয়ংসেৱকে অংশগ্ৰহণ কৰে ।

ইফালে উত্তৰ অসম প্ৰান্তৰ অন্যান্য ঠাইৰ লগতে সোণাৰিতো ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত 'পথ সঞ্চালন কাৰ্যসূচী' ৰূপায়ণ কৰে (RSS skips Path-Sanchalan at Sonari ) ৷ সোণাৰিৰ ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা সোণাৰি নগৰৰ মাজেৰে প্ৰায় চাৰি কিলোমিটাৰ পথ পদযাত্ৰা কৰে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ দুই শতাধিক কৰ্মীয়ে ৷

rss-path-sanchalan-across-assam
আৰ এছ এছৰ 'পথ সঞ্চালন কাৰ্যসূচী' ৰূপায়ণ

দেওবাৰে অনুষ্ঠিত হোৱা এই পথ সঞ্চালন কাৰ্যসূচীত মন্ত্ৰী যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰেও অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : SOP সন্দৰ্ভত সংগীত শিল্পী অংগৰাগ পাপন মহন্তৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.