জনীয়া, 24 এপ্ৰিল : বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত বলাইপথাৰৰ পৰা বিলৰটাৰী গাঁও অভিমুখে যোৱা দলঙৰ এপ্ৰচৰ কামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । সম্পূৰ্ণ বালি মাটিৰে এপ্ৰচৰ কাম চলাই থকাৰ অভিযোগ উত্থাপন হৈছে এম ডি নামৰ এটা কোম্পানীৰ বিৰুদ্ধে ৷ জিঅ’ বেগৰ এপ্ৰচৰ কাম লাভ কৰা ঠিকাদাৰজনে নিজে এই কাম নকৰি আনলৈ হস্তান্তৰ কৰাৰো অভিযোগ উত্থপন হৈছে ৷
ইফালে জিঅ’ বেগৰ সলনি দুৰ্নীতি সংঘটিত কৰি দলঙৰ সমীপৰ পৰা মেচিনেৰে বালি মাটি খান্দি নিম্ন মানৰ কামেৰে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ বাৰিষা আহিলেই এই পথছোৱা খহি যোৱাৰো আশংকা ব্যক্ত কৰিছে ৰাইজে ৷
লগতে পঢ়ক: ক’ভিডৰ সুযোগ লৈ নগাঁৱত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি