ETV Bharat / state

Road construction scam: নিৰ্মাণৰ এদিন পিচতে চপৰা চপৰে খহিছে পথ - Poor road condition in Barpeta

লোক নিৰ্মাণ বিভাগৰ বিষয়াৰ গাফিলতিৰ বাবেই নিৰ্মাণ কৰাৰ এদিনৰ পিচতে চপৰা চপৰে খহিছে বৰপেটা চহৰৰ এটা নিৰ্মীয়মান পথৰ পিটচ্ (Poor road condition in Barpeta) ৷

Road construction scam in Barpeta
Road construction scam: নিৰ্মাণৰ এদিন পিচতে চপৰা চপৰে খহিছে পথৰ পিটচ্
author img

By

Published : Nov 25, 2022, 3:42 PM IST

বৰপেটা, ২৫ নৱেম্বৰ: "ৰাস্তাৰ কামটো ডুপ্লিকেটেই, এইবোৰতো দুই নম্বৰীয়েই ৷ ৰাস্তাৰ ধনেৰে ঠিকাদাৰকেইটাই ঘৰৰ তিৰোতা আৰু ল’ৰা ছোৱালীক কাপোৰ কানি দিয়াতহে ব্যস্ত, ৰাস্তাটো আমাৰ অকলে নহয়, ৰাস্তাটো ৰাইজৰ, ৰাস্তাটো ঠিক হ’লেহে ৰাইজৰ সা-সুবিধা হ’ব ৷ এইবোৰ কথা সিহঁতে বুজি নাপায় ৷ সিহঁতে লাখ লাখ টকাৰ ঠিকা লৈ ধনবোৰ নিজৰ মোনাত ভৰাইছে ৷" ঠিকাদাৰক তুলাধূনা সাধাৰণ ৰাইজৰ (Road construction scam) ৷

নিৰ্মাণৰ এদিন পিচতে চপৰা চপৰে খহিছে পথৰ পিটচ্

যিসময়ত মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়েই ড৹ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কাম-কাজত স্বচ্ছতা অনাৰ প্ৰয়াস চলাইছে তেনে সময়তে লোকনিৰ্মাণ বিভাগৰ বৰপেটা সংমণ্ডলত চলিছে একাংশ বিষয়া ঠিকাদাৰৰ বুজাবুজিৰ খেল (Road construction scam in Barpeta) ৷

জানিব পৰামতে বৃহস্পতিবাৰে বিয়লি পথটো নিৰ্মাণ কৰিছিল ঠিকাদাৰে ৷ পিচে নিম্নমানেৰে কৰা কামৰ বাবেই নিৰ্মাণৰ পিচতে এইদৰে চপৰা চপৰে এৰি গৈছে পিটচ্ সমুহ । স্থানীয় লোকে জনোৱা মতে ১ কোটি ৮০ লাখ টকা ব্যয়েৰে ৰামপ্ৰসাদ পথৰ ওপৰত থকা পথ নিৰ্মাণৰ কামৰ দায়িত্ব পাইছিল বীৰেন্দ্ৰ প্ৰসাদ নামৰ ঠিকাদাৰগৰাকীয়ে ৷

পিছে লোকনিৰ্মাণ বিভাগৰ বিষয়াৰ গাফিলতি আৰু কমিচনৰ আশাত বন্দী বিষয়াৰ বাবেই ঠিকাদাৰ বীৰেন্দ্ৰ প্ৰসাদে এইদৰে পথ নিৰ্মাণৰ নামত অবাধ লুন্ঠন চলাইছে বুলি অভিযোগ উত্থাপন কৰে ৰাইজে ৷ সম্প্ৰতি ইয়াকে লৈ বৰপেটাৰ স্থানীয় লোকৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

ইফালে স্থানীয় লোকে কয়- "আমি বিভাগক কওঁতে কওঁতে যেনেতেনে ৰাস্তাৰ কাম আৰম্ভ কৰিলে ৷ আজি দুদিনৰ পূৰ্বে পিটচ্ মাৰিছিলহে ৷ ৰাস্তাটোত পানী মাৰিবলৈ কোনো লোক নাহিল ৷ ইয়াৰ পিছতে এতিয়া চপৰা চপৰাকৈ খহিছে ৰাস্তাৰ পিটচ ৷ এই দুই নম্বৰী ঠিকাদাৰক ব্লেকলিষ্ট কৰিব লাগে ৷

লগতে এই পথৰ মেৰামতিৰ কাম নতুনকৈ আৰম্ভ কৰিব লাগে ৷ ঠিকাদাৰে নিজৰ মইমতালি মতে কাম কৰে ৷ যিখিনি সময়ত মানুহৰ উপস্থিতি নাথাকে সেইখিনি সময়তহে কাম কৰি যায় ৷"

লগতে পঢ়ক: Assam power tariff hike: উপভোক্তাৰ ওপৰত মাধমাৰ, পুনৰ বৃদ্ধি কৰা হ’ল বিদ্যুৎ মাচুল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.