ETV Bharat / state

হাউলীত পথ দুৰ্ঘটনাত নিহত এগৰাকী মহিলা

author img

By

Published : Apr 23, 2021, 8:07 PM IST

শুকুৰবাৰে হাউলীত ভয়াৱহ পথ দুৰ্ঘটনা ৷ বাছ আৰু ট্ৰেইলৰৰ মাজত মুখামুখি সংঘৰ্ষ ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী মহিলা বাছযাত্ৰী আৰু গুৰুতৰভাৱে আহত হয় 8 গৰাকীকৈ যাত্ৰী ।

road-accident
হাউলীত পথ দুৰ্ঘটনা

বৰপেটা,23 এপ্ৰিল : বৰপেটাৰ হাউলীত শুকুৰবাৰে সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ হাউলীৰ 31 নং ৰাষ্ট্ৰীয় ঘ‍াইপথৰ এইচ বি গেষ্ট হাউচৰ সন্মুখত বাছ আৰু ট্ৰেইলৰ বাহনৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী মহিলা বাছযাত্ৰী ৷

প্ৰাপ্ত তথ্য অনুসৰি, বৰপেটা ৰোডৰ পৰা বৰপেটা চহৰ অভিমুখে গৈ আছিল যাত্ৰীবাহী বাছখন । বাছখনত আছিল 15 গৰকী যাত্ৰী । দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ হৈছে AS-15-C- 7089 ৷

road-accident
হাউলীত পথ দুৰ্ঘটনা

পাঠশালাৰ পৰা বৰপেটা অভিমুখী এখন ট্ৰেইলৰে বাছখনত খুন্দিয়ায় আৰু থিতাতে নিহত হয় এগৰাকী মহিলা ৷ আনহাতে গুৰুতৰভাৱে আহত হয় 8 গৰাকীকৈ যাত্ৰী ।

অৱশ্যে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই নিহত মহিলাগৰাকীৰ পৰিচয় । ঘটনাস্থলীত হাউলী আৰক্ষী উপস্থিত হৈ আহত যাত্ৰী কেইগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক : উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী সাল-সলনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.