জনীয়া, 19 অক্টোবৰ : কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দেউকুৰা গাঁৱত মঙলবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংগঠিত হয় । খৰিচালাৰ পৰা কলগাছিয়া অভিমুখে গৈ থকা অৱস্থাত চাৰিচকীয়া এখন বাহনে কালগাছিয়াৰ দেৱকুৰা চকত নিয়ন্ত্ৰণ হেৰুৱাই এটা দ খাৱৈত বাগৰি ডুব যায় পানীত ।
ইয়াৰ লগে লগে স্থানীয় ৰাইজে বাহন খনৰ গ্লাছ ভাঙি আৰোহী কেইগৰাকীক উদ্ধাৰ কৰে ৷ বাহনখনত অহা আৰোহী কেইগৰাকী ক্ৰমে, মুৱামাৰী গাঁৱৰ জবেদ আলী, চালক লক্ষীমপুৰ জিলাৰ ৰোহিত বসুমতাৰী আৰু বৰপেটা ৰোডৰ ৰাইপুৰ গাঁৱৰ হজৰত আলী ৷ আটাইকেইজন আৰোহীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ৷
আৰোহী কেইজনক সংকট জনক অৱস্থাত কলগাছিয়াস্থিত বৰপেটাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ কিন্তু ইয়াৰ মাজৰে বাহনখনৰ চালক ৰোহিত বসুমতাৰীৰ অৱস্থা সংকটজনক হোৱাৰ বাবে বৰপেটা ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷
লগতে পঢ়ক: কি কি সিদ্ধান্ত হ’ল ৰাজ্যিক কেবিনেটত