জনিয়া,11 মে’ : চৰকাৰে খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড থকা লোকক বিনামূলীয়াকৈ পাঁচ কেজি চাউল যোগান ধৰি আহিছে । কাৰ্ড নথকা লোকৰ ক্ষেত্ৰত প্ৰতিখন গাওঁ পঞ্চায়তৰ সভাপতিৰ জৰিয়তে 1000 টকাকৈ এককালীন নগদ ধন প্ৰদান কৰিছে চৰকাৰে ৷ কিন্তু এই ব্যৱস্থাৰ পৰা বাদ পৰা প্ৰতিগৰাকী লোকক চৰকাৰে পাঁচ কেজি চাউল যোগান ধৰে ৷
এই আৱণ্টিত সাহায্য আত্মসাৎ কৰা ব্যক্তিসকলৰ বিৰুদ্ধে সময়ত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে ৷ কিন্তু চৰকাৰৰ পদক্ষেপক তিলমানো গুৰুত্ব প্ৰদান কৰা নাই একাংশ পঞ্চায়তৰ সদস্য আৰু সুলভ মূল্যৰ ব্যৱসায়ীসকলে ।
ঘটনাৰ বিৱৰণী অনুসৰি,বৰপেটাৰ জনিয়া সমষ্টিৰ অন্তৰ্গত শওঁপুৰ গাওঁ পঞ্চায়তৰ কেইবাটাও অঞ্চলৰ সদস্য আৰু সুলভ মূল্যৰ ব্যৱসায়ীৰ বিৰুদ্ধে চাউল আত্মসাৎ কৰা ঘটনাক কেন্দ্ৰ কৰি একাংশ লোকৰ মাজত উদগীৰণ হৈছে ক্ষোভৰ জুই । বিষয় প্ৰসংগত বৰপেটা জিলা প্ৰশাসনক তদন্ত সাপেক্ষে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহায্যৰ পৰা বঞ্চিত লোকসকলে চৰকাৰৰ ওচৰত দাবী জনাইছে ।
লগতে চাওকঃ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ব বৰপেটা ৰত্ন গোকুল পাঠকৰ অন্ত্যেষ্টিক্ৰিয়া !