ETV Bharat / state

জনীয়াত দৰিদ্ৰ পৰিয়ালক সহায় এগৰাকী যুৱ নেতাৰ

author img

By

Published : Jul 24, 2020, 5:24 PM IST

জনীয়া সমষ্টিৰ দাৱনদিয়া গাঁৱৰ অতিকে দৰিদ্ৰ এটি পৰিয়াল । ঘৰৰ মূল ব্যক্তিজনৰ মৃত্যুৰ পাছত দৰিদ্ৰতাই একেবাৰে জুৰুলা কৰি পেলাইছিল পৰিয়ালটোক । জৰাজীৰ্ণ এটা জুপুৰিত থাকিয়েই দিন অতিবাহিত কৰি আহিছিল এই পৰিয়ালটোয়ে । শুকুৰবাৰে পৰিয়ালটোক টিনপাট যোগানৰ লগতে আৰ্থিক সহায় আগবঢ়াই এজন যুৱ নেতাই দাঙি ধৰিলে মানৱতাৰ এক নিদৰ্শন ।

relief-to-poor-family-at-jania
জনীয়াত দৰিদ্ৰ পৰিয়ালক সহায় এগৰাকী যুৱ নেতাৰ

জনীয়া,২৪ জুলাই: বিজেপি দলৰ এগৰাকী যুৱনেতা তথা অধিবক্তা শ্বহিদুল ইছলামে এবান টিনপাট যোগানৰ লগতে আৰ্থিক সহায় আগবঢ়াই এই অতিকে দৰিদ্ৰ পৰিয়ালটোক দিলে সামান্য সকাহ ।

দাৱনদিয়া গাঁৱৰ নৌশাদ আলী নামৰ ব্যক্তিজনে এটা ইটাৰ ভাটাত কাম কৰি পৰিয়ালসহ জীৱন নিৰ্বাহ কৰিছিল । কিন্তু নৌশাদ আলিৰ হঠাৎ মৃত্যু ঘটাত পৰিয়ালটোলে নামি আহিল ঘোৰ অমানিশা । উপাৰ্জনৰ মূল ব্যক্তিজন নাইকিয়া হোৱাৰ পিছতেই এই দৰিদ্ৰ পৰিয়ালটোক সহায়ৰ বাবে বহুজনে সামাজিক মাধ্যমৰ জড়িয়তে জনাইছিল আহ্বান। এই আহ্বানৰ প্ৰতি সহাৰি জনাই বহুকেইজন ব্যক্তিয়ে পৰিয়ালটোলৈ আগ বঢ়াইছিল সহায়ৰ হাত ।

শেহতীয়াকৈ অধিবক্তা তথা যুৱ সমাজৰ মাজৰ এজন জনপ্ৰিয় যুৱ নেতা শ্বহিদুল ইছলামৰ এই মহানুভৱতাক এতিয়া সকলোৱে কৰিছে প্ৰশংসা ।

লগতে চাওকঃ কাকপথাৰত কৃত্ৰিম পদ্ধতিৰে অগৰু উৎপাদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.