বৰপেটাৰোড, 18 জুলাই : বৰপেটাৰোডৰ কলহভাঙ্গাত ভেকচিন কেন্দ্ৰ স্থাপন কৰি মাত্ৰ এদিন ভেকচিন প্ৰদান কৰাৰ পাছত উক্ত ভেকচিন কেন্দ্ৰটো বন্ধ কৰি দিয়াত ক্ষোভিত হৈ পৰিছে ছাত্ৰ সংগঠন ডি ৱাই এফ আই (DYFI) আৰু এছ এফ আই (SFI) ৷ শনিবাৰে ইয়াৰে প্ৰতিবাদত বৰপেটাৰোডত অনশন ধৰ্মঘট (Hunger Strike) কাৰ্যসূচী ৰূপায়ন কৰে ডি ৱাই এফ আই (DYFI) আৰু এছ এফ আই (SFI)ৰ যৌথ উদ্যোগত গঠিত ৰেড ভলেন্টিয়াৰ্চ (Red volunteers) ৰ কৰ্মকৰ্তাসকলে ৷ বৰপেটাৰোডৰ কলহভাঙ্গা হাইস্কুলৰ সন্মুখত থকা ভেকচিনেচন কেন্দ্ৰ (Vaccination Centre)ত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদকাৰীসকলে কলহভাঙ্গাস্থিত ভেকচিনেচন কেন্দ্ৰ (Vaccination Centre) বাতিল কৰা নচলিব, কলহভাঙ্গাৰ এই ভেকচিনেচন কেন্দ্ৰ (Vaccination Centre)মুকলি নকৰালৈকে এই ধৰ্মঘট কাৰ্যসূচী চলি থাকিব বুলি হুংকাৰ দিয়ে ৷
প্ৰতিবাদকাৰীসকলে চৰকাৰক চহৰখনত ভেকচিন কেন্দ্ৰ বৃদ্ধি কৰি কেন্দ্ৰসমূহত ভেকচিন বৃদ্ধি কৰিবলৈও দাবী উত্থাপন জনায় ৷ ৰেড ভলেন্টিয়াৰ্চ (Red volunteers) ছ’চাইটিৰ প্ৰতিবাদকাৰীসকলে কয় যে, কৰ’ণা (Covid 19)ৰ এই জটিল সময়ত ৰেড ভলেন্টিয়াৰ্চৰ কৰ্মকৰ্তাসকলে চহৰখনৰ তিনি নম্বৰ ৱাৰ্ডৰ কৰ’ণাত আক্ৰান্ত লোকসকলৰ ঘৰে ঘৰে গৈ তেওঁলোকৰ পৰিয়ালৰ লোকক ভৰণ-পোষণ কৰি আছে ৷ ৰেড ভলেন্টিয়াৰ্চৰ কৰ্মকৰ্তাসকলে বিগত দুমাহমানৰ পৰা অশেষ চেষ্টা কৰি দৰিদ্ৰ তথা নিপীড়িত লোকসকলে যাতে ভেকচিন লাভ কৰিব পাৰে তাৰবাবে কলহভাঙ্গা হাইস্কুলত ভেকচিন কেন্দ্ৰ স্থাপন কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগত লাগি কেন্দ্ৰটোত ভেকচিন প্ৰদানৰ কাম আৰম্ভ কৰিছিল ৷
প্ৰতিবাদকাৰীসকলে মূল্যবৃদ্ধিৰ ফলত দিশহাৰা হোৱা লোকসকলে কৰ’ণা ভেকচিন (Corona Vaccine)ৰ বাবে চহৰখনৰ দৰিদ্ৰ লোকসকলৰ লগতে বৃদ্ধ-বৃদ্ধা আৰু বিকলাংগসকলে শাৰীপাতি থাকে যদিও চৰকাৰে ভেকচিন দিয়া নাই বুলি অভিযোগ কৰে ৷
ৰেড ভলেন্টিয়াৰ্চ (Red volunteers Assam)ৰ কৰ্মকৰ্তাসকলে নিৰ্বাচনৰ সময়ত বয়োজ্যেষ্ঠ লোকসকলৰ ঘৰে ঘৰে গৈ ভোট আদায় কৰা বিজেপি চৰকাৰে (BJP Government) কিয় এই কৰ’ণাৰ সময়ত বয়োজ্যেষ্ঠ লোকসকলৰ ঘৰে ঘৰে গৈ ভেকচিন প্ৰদান কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰে ৷ তেওঁলোকে লগতে চৰকাৰক চহৰখনৰ বয়োজ্যেষ্ঠ আৰু বিকলাংগসকলক ঘৰে ঘৰে গৈ ভেকচিন দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰে ৷
লগতে পঢ়ক : মেট্ৰিকত ভাল ৰিজাল্টৰ নামত বৃহৎ ধনৰ লেনদেন !