ETV Bharat / state

জিগনেশ মেৱানীক পুনৰ গ্ৰেপ্তাৰক লৈ কংগ্ৰেছ, কৃষক মুক্তিৰ ক্ষোভ প্ৰকাশ

author img

By

Published : Apr 26, 2022, 9:42 AM IST

সমাগত গুজৰাটৰ নিৰ্বাচন (Upcoming Gujarat election 2022) ৷ এই নিৰ্বাচনত প্ৰধানমন্ত্ৰীৰ মোডীৰ মূল প্ৰতিদ্বন্দ্বী দলিত নেতা জিগনেশ মেৱানী ৷ সেয়ে নিৰ্বাচনত হৰাৰ শংকাত এটাৰ পিছত আনটো গোচৰৰ অভিযোগৰ ভিত্তিত অসম আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে দলিত নেতাগৰাকীক ৷ এই মন্তব্য জিগনেশ মেৱানীৰ আত্মীয়ৰ ৷

Upcoming Gujarat election 2022
ভাৰতৰ আইন আৰু সংবিধান উলংঘা কৰিছে বিজেপিয়ে : ৰহিম খান

বৰপেটা, 26 এপ্ৰিল : এতিয়াও দোষমুক্ত হোৱা নাই গুজৰাটৰ কংগ্ৰেছ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানী (Jignesh Mevani latest news) ৷ কোকৰাঝাৰৰ গোচৰত জামিন পোৱাৰ পাচত বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গুজৰাটৰ দলিত নেতা গৰাকীক (Jignesh Mevani arrested by Barpeta Police) ৷

তথ্য অনুসৰি, মেৱানীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ 294/ 323/ 353/ 354 ধাৰাত ৰুজু হৈছে গোচৰ ৷ ইটোৰ পাচত সিটো গোচৰত দলিত নেতা গৰাকীক গ্ৰেপ্তাৰ কৰাক লৈ এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখা গৈছে ভিন্ন প্ৰতিক্ৰিয়াৰ ৷ গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক পুনৰ গ্ৰেপ্তাৰক লৈ বৰপেটা কংগ্ৰেছে এইবাৰ ক্ষোভ প্ৰকাশ কৰিছে (Congress and KMSS reaction to Jignesh Mewani's arrest) ৷

কংগ্ৰেছ বিধায়কগৰাকীক ষড়যন্ত্ৰমূলকভাৱে মিছা গোচৰত গ্ৰেপ্তাৰ কৰা বুলিও অভিযোগ উত্থাপন কৰিছে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰহিম খানে ৷ লগতে তেওঁ কয় যে, ‘‘ভাৰতবৰ্ষৰ আইনৰ লগতে সংবিধান উলংঘা কৰিছে বিজেপিয়ে ৷ বিজেপিয়ে আৰক্ষীক নিজৰ শাখা হিচাপে ব্যৱহাৰ কৰিছে ৷

লগতে পঢ়ক : Jignesh Mevani rearrested: জিগনেশ মেৱানীৰ বিৰুদ্ধে মহিলা আৰক্ষীক অশালীন ব্যৱহাৰৰ অভিযোগ

জিগনেশ মেৱানীৰ বিৰুদ্ধে কূটনৈতিক ষড়যন্ত্ৰ চলিছে আৰু এয়া ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে সম্পূৰ্ণ ভুৱা গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰিছে’’ ৷ ইপিনে বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও জিগনেশ মেৱানীৰ গ্ৰেপ্তাৰৰ সমালোচনা কৰি বিজেপি চৰকাৰে গণতন্ত্ৰক হত্যা কৰা বুলি এক অভিযোগ উত্থাপন কৰে ৷

আনহাতে, সমাগত গুজৰাটৰ নিৰ্বাচন (Upcoming Gujarat election 2022) ৷ গুজৰাটৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰীৰ মোডীৰ সন্মুখত মূল প্ৰতিদ্বন্দী ৰূপে চিহ্নিত হৈছে গুজৰাটৰ কংগ্ৰেছ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানী ৷ এই নিৰ্বাচনত হৰাৰ ভয়তেই মোডী চৰকাৰে এনে ভুৱা গোচৰ জাপি দি নিৰ্বাচনৰ ৰণ কৌশল প্ৰস্তুত কৰিবলৈ মন মেলিছে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে জিগনেশ মেৱানীৰ আত্মীয়ই ৷

লগতে পঢ়ক : Congress protest in Guwahati : মেৱানী কাণ্ড সন্দৰ্ভত দিছপুৰত কংগ্ৰেছৰ বিধায়িনী দলৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.