ETV Bharat / state

হাউলীত সতীয়া পিতৃৰ কামনাৰ বলি নাবালিকা

author img

By

Published : Feb 24, 2021, 1:58 PM IST

বৰপেটা জিলাৰ হাউলীত সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা এক ঘটনা ৷ সতীয়া পিতৃৰ কামনাৰ বলি হৈছে এগৰাকী নাবালিকা ৷

rapist-father-arrested-at-howly
হাউলীত সতীয়া পিতৃৰ কামনাৰ বলি নাবালিকা কন্যা

বৰপেটা,২৪ ফেব্ৰুৱাৰী: বৰপেটা জিলাৰ হাউলীত সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা এক ঘটনা ৷ সতীয়া পিতৃৰ হাতত এগৰাকী নাবালিকা ধৰ্ষিতা হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ হাউলীৰ ৪ নং ৱাৰ্ডত সংঘটিত হৈছে এই লজ্জাজনক ঘটনা ৷ অভিযুক্ত পিতৃৰ নাম ৰফিকুল ইছলাম (48) ৷ প্ৰায় দহ বছৰ পূৰ্বে দ্বিতীয় বিবাহপাশত আৱদ্ধ হৈছিল ৰফিকুল ইছলাম নামৰ লোকজন ৷ পূৰ্বে বিবাহিত দ্বিতীয় পত্নীৰ আছিল এগৰাকী তিনি বছৰীয়া কন্যা সন্তান ৷ দ্বিতীয় পত্নীৰ সৈতে অহা নাবালিকা কন্যা গৰাকী ধৰ্ষণৰ বলি হ'ল পিতৃৰ হাতত ৷ পিতৃৰ কু-কৰ্মৰ কথা ভুক্তভোগী কিশোৰীগৰাকীয়ে মাতৃৰ আগত প্ৰকাশ কৰাৰ পিচতে মহিলা গৰাকীয়ে স্বামীৰ বিৰুদ্ধে হাউলী থানাত দাখিল কৰিছে এজাহাৰ ৷

হাউলীত সতীয়া পিতৃৰ কামনাৰ বলি নাবালিকা

উক্ত এজাহাৰৰ ভিত্তিতে ইতিমধ্যে হাউলী আৰক্ষীয়ে আটক কৰিছে ৰফিকুল ইছলামক ৷ ইপিনে লক ডাউনৰ সময়ৰ পৰাই ভয়-ভাবুকিৰে নাবালিকাগৰাকীৰ সৈতে শাৰিৰীক সম্পৰ্ক চলাই অহা বুলি স্বীকাৰ কৰিছে লোকজনে ৷ এনে লজ্জাজনক ঘটনাক লৈ সমগ্ৰ হাউলীতে সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ এনে ঘটনা যাতে পুনৰাই সংঘটিত হ‘ব নোৱাৰে তাৰ বাবে দোষীক দৃষ্টান্তমূলক শাস্তি দিবলৈ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: বিজেপি চৰকাৰ মিছলীয়া চৰকাৰ: লুৰিণজোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.