ETV Bharat / state

30 জুনৰ ভিতৰত বানত ক্ষতিগ্ৰস্ত লোকসকলৰ তালিকা যুগুতাবলৈ নিৰ্দেশ

author img

By

Published : Jun 22, 2022, 10:57 PM IST

বৰপেটাৰ পাটবাউসীত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত হৈ পাটবাউসী অঞ্চলৰ বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ লগতে কেবাটাও আশ্ৰয় শিবিৰত উপস্থিত হৈ বানাক্ৰান্তসকলৰ সমস্যাৰ বুজ লয় (Ranjit Das visited flooded area in Barpeta )৷ তাৰোপৰি চলিত মাহৰ 30 তাৰিখৰ ভিতৰত বানত ক্ষতিগ্ৰস্থ লোকসকলৰ তালিকা যুগুত কৰাৰ বাবে মণ্ডল আৰু গাঁওবুঢ়াসকলক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

আশ্ৰয় শিবিৰত উপস্থিত  মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

বৰপেটা, 22 জুন : ৰাজ্যজুৰি অব্যাহত আছে বানৰ সংহাৰ (Assam flood 2022) ৷ বুধবাৰে বৰপেটাৰ পাটবাউসীত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত হৈ পাটবাউসী অঞ্চলৰ বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ লগতে কেবাটাও আশ্ৰয় শিবিৰত উপস্থিত হৈ বানাক্ৰান্তসকলৰ সমস্যাৰ বুজ লয় (Ranjit Das visited flooded area in Barpeta )৷ ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ আগত কয় যে পূৰ্বৰ দৰে বছৰেকৰ মূৰত নহয়, এইবাৰ বানত ক্ষতিগ্ৰস্ত সকলে সময়মতেই ক্ষতিপূৰণ পাব ৷

চলিত মাহৰ 30 তাৰিখৰ ভিতৰতে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ তালিকা যুগুত কৰাৰ বাবে মণ্ডল আৰু গাঁওবুঢ়াসকলক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ লগতে তালিকা প্ৰস্তুতৰ ক্ষেত্ৰত কোন ধৰণৰ লেনদেন নকৰিবলৈ মণ্ডল আৰু গাঁওবুঢ়াসকলৰ প্ৰতি কঠোৰ নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷ বান সাহাৰ্যৰ নামত অহা ধন কোনো মণ্ডলৰ পকেটত সোমোৱা বুলি গম পালেই তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকিয়নী প্ৰদান কৰে ৷

ইপিনে মন্ত্ৰীগৰাকীয়ে পাটবাউসী অঞ্চলৰ শিবিৰসমূহত সংশ্লিষ্ট বিদ্যালয়ৰ শিক্ষকসকলক নেদেখি অসন্তুষ্টি ব্যক্ত কৰাৰ লগতে বৃহস্পতিবাৰৰ পৰা 'চিফ্ট' অনুসৰি শিক্ষকসকলক শিবিৰত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়ে ৷ ইতিমধ্যে এই সম্বন্ধে জিলা উপায়ুক্তক ৰিপোৰ্ট কৰিম বুলি মন্তব্য প্ৰকাশ কৰে দাসে ৷ বানাক্ৰান্তসকলৰ হকে বানসাহায্য প্ৰদানৰ বাবে চৰকাৰে তৎপৰতাৰে কাম কৰি থকাৰ কথা ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : হিমন্তৰ বিশ্ব শৰ্মাৰ সমানে সমানে বানাক্ৰান্তৰ কাষত সৰ্বানন্দ সোণোৱাল

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.