ETV Bharat / state

AIUDF থকালৈকে কাশ্মীৰ সদৃশ হৈ থাকিব অসমৰ পৰিস্থিতি : ৰণজিৎ দাস - কাশ্মীৰ

গৰুখুঁটিৰ ঘটনাৰ পাচতে অসমক লৈ অপপ্ৰচাৰ চলিছে দেশৰ বাহিৰত ৷ এআইইউডিএফৰ সৈতেহে সংঘাত বিজেপিৰ ৷ বৰপেটাৰ সোণকুছিৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাচতে সাংবাদিকৰ আগত কেইবাটাও বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

ranjit das comments on political situation of assam
AIUDF থকালৈকে কাশ্মীৰ সদৃশ হৈ থাকিব অসমৰ পৰিস্থিতি
author img

By

Published : Oct 9, 2021, 7:38 PM IST

বৰপেটা, ৯ অক্টোবৰ: 'গৰুখুঁটিৰ ঘটনাৰ পাচতে অসমক লৈ অপপ্ৰচাৰ চলিছে দেশৰ বাহিৰত ৷ অসমক লৈ চলি অহা ষড়যন্ত্ৰ নতুন নহয় ৷ আগন্তুক দিনত অসমখনক কেনেদৰে দখল কৰিব যায় অথবা অসমখনক কেনেকৈ অন্য নামলৈ ৰূপান্তৰ কৰিব পৰা যায় তাৰ নিৰন্তৰ চেষ্টা চলাইছে এটা চক্ৰই ৷' এই মন্তব্য মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৷

বৰপেটাৰ সোণকুছিৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাচতে সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয়, অসমত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠনৰ বাবে তেওঁলোকৰ ষড়যন্ত্ৰত বাধা জন্মিছে আৰু তাৰ বাবেই বিভিন্ন পৰিবেশ সৃষ্টিৰ চেষ্টা চলাইছে ৷ অৱশ্যে অসমবিৰোধী চক্ৰৰ এনে ষড়যন্ত্ৰৰ বিৰুদ্ধে আইন, গণতন্ত্ৰ আৰু সংবিধানৰ গণ্ডিত থাকি যিমানখিনি কৰিবলগীয়া আছে সৰ্বোচ্ছ কৰিবলৈ চৰকাৰ প্ৰস্তুত বুলি মন্তব্য প্ৰকাশ কৰে ৰণজিৎ দাসে ৷

AIUDF থকালৈকে কাশ্মীৰ সদৃশ হৈ থাকিব অসমৰ পৰিস্থিতি

বেদখল উচ্ছেদৰ ক্ষেত্ৰত ৰাইজে সহযোগ কৰিব লাগিব ৷ চৰকাৰে বেদখল মুক্ত কৰা মাটি পেলাই নথৈ তাক সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ ৰাইজক আহ্বান জনাই ৰণজিৎ দাসে ৷

লগতে পঢ়ক: ৰাজকন্যা বৰুৱা কাণ্ডই জোকাৰি গৈছে ৰাজ্য:নাম সাঙোৰ খাইছে ৰৌ-বৰালিৰ

ইফালে, কাশ্মীৰত পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে চলোৱা হত্যাৰ ঘটনাক লৈয়ো মন্তব্য কৰে ৰণজিৎ দাসে ৷ তেওঁ কয়, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে কাশ্মীৰৰ জনতাৰ নিৰাপত্তাৰ বাবে ব্যৱস্থা হাতত লৈছে ৷ কাশ্মীৰৰ পৰা ৩৭০ ধাৰা উঠাই দিয়াৰ পিচতে কাশ্মীৰৰ মৌলিক সমস্যা সমাধানৰ বাট মুকলি হোৱাৰ লগতে লাডাখৰো উন্নতি হৈছে ৷ সেয়ে কাশ্মীৰক লৈ দেশৰ জনতাই চিন্তা কৰিবলগীয়া নাই ৷

লগতে উপ-নিৰ্বাচনৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, বিজেপি মিত্ৰজোঁট অসমৰ ৰাইজৰ হৃদয়ত আছে আৰু উপ-নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ৫ খন আসনেই লাভ কৰিব বুলি দাবী কৰে মন্ত্ৰী দাসে ৷ ৰকিবুল হুছেইনে এআইইউডিএফৰ সৈতে বিজেপিৰ মিত্ৰতা থকা বুলি কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰণজিৎ দাসে ৷

লগতে পঢ়ক: তিতাবৰতো হ’ব নেকি উপ নিৰ্বাচন : বিজেপিৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কংগ্ৰেছী বিধায়কৰ

এআইইউডিএফেহে অসমখনক অস্থিৰ কৰি তুলিছে ৷ এআইইউডিএফে দৈৱশক্তিৰে অসমখন সোণেৰে নিৰ্মাণ কৰি দিব বিচাৰিলেও তেওঁলোকৰ সৈতে বিজেপি নাই ৷ এআইইউডিএফৰ সৈতেহে সংঘাত বিজেপিৰ ৷ এআইইউডিএফ থকালৈকে অসমৰ পৰিস্থিতিও কাশ্মীৰ সদৃশ হৈ থাকিব বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, বৰপেটাৰ সোণকুছিত অসম দৰ্শন আঁচনিৰ অধীনত নিৰ্মাণ কৰা অতিথিশালা শনিবাৰে মুকলি কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল এই অতিথিশালাটো ৷ উক্ত অনুস্থানত অংশগ্ৰহণ কৰাৰ পাচতে সাংবাদিকক সম্বোধন কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: উপ-নিৰ্বাচন:কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.