বজালী, ৩০ নৱেম্বৰ: অখিল গগৈ নেতৃত্বাধীন কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৭০টাকৈ জাতীয়, জনগোষ্ঠীয় সংগঠনৰ উমৈহতীয়া প্ৰচেষ্টাত জন্ম লোৱা 'ৰাইজৰ দলে' আগন্তুক নিৰ্বাচনৰ পূৰ্বে গাঁও পৰ্যায়ত ৰাইজৰ সমৰ্থন লাভ কৰিবলৈ ৰণনীতি যুগুত কৰিছে । দেওবাৰে কয়াকুছিত এখন সভা অনুষ্ঠিত হয় আৰু এই সভাতে মধ্য বেতবাৰী গাওঁ পঞ্চায়ত সমিতি গঠন কৰা হয়। সৰুক্ষেত্ৰীৰ বিশিষ্ট সমাজকৰ্মী তথা ৰাজ্যিক আহ্বায়ক মনিৰুজ জামানৰ সভাপতিত্বত সভাখন অনুষ্ঠিত হয় ।
সভাত উপস্থিত থাকে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কয়াকুছি আঞ্চলিক সমিতিৰ সম্পাদক হাছেন আলী, চকিৰভিঠাৰ সমাজকৰ্মী আকবৰ আলী, জিলা আহ্বায়ক মণ্ডলীৰ সদস্যা নিলুফাৰ ইয়াছমিন, ভক্তৰডবাস্থিত হৰেন্দ্ৰ-চিত্ৰা মহাবিদ্যালয়ৰ অধ্যাপক কেৰামত আলী । সভাত উপস্থিত থাকি ৰাজ্য আৰু দেশৰ বৰ্তমান পৰিস্থিতি সম্পৰ্কে বক্তব্য আগবঢ়ায় কৃষক মুক্তিৰ বৰপেটা জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক মনিৰ আলী, নজৰুল ইছলাম, কয়াকুছি মহাবিদ্যালয়ৰ প্ৰবক্তা ছাদেক আলী আহমেদ , জিলা আহ্বায়ক তথা কয়াকুছিৰ সমাজকৰ্মী আব্দুল জলিল, বৰপেটাৰ বিশিষ্ট সমাজকৰ্মী তথা ৰাইজৰ দলৰ বৰপেটা জিলা আহ্বায়ক গুণজিৎ শৰ্মাই ।
মনিৰুজ জামানে বিজেপি আৰু কংগ্ৰেছক সমালোচনাৰে থকা-সৰকা কৰাৰ লগতে বিধায়ক জাকিৰ হুছেইন ছিকদাৰক এগৰাকী অকৰ্মণ্য বিধায়ক আখ্যা দি কটাক্ষ কৰে । আগন্তুক নিৰ্বাচনত অখিল গগৈৰ নেতৃত্বত কংগ্ৰেছ-বিজেপি বিৰোধী চৰকাৰ গঠন হ'ব বুলি মনিৰুজ জামানে মন্তব্য কৰে ।
লগতে পঢ়ক:মহিলাসহ বেংক ডকাইতিত জড়িত তিনিজনক আটক