ETV Bharat / state

চেঙা সমষ্টিত ৰাইজৰ দলৰ তৎপৰতা

author img

By

Published : Dec 27, 2020, 7:53 PM IST

কংগ্ৰেছ আৰু এআইইউডিএফে মুছলমান লোকসকলক লৈ ভোট বেংকৰ ৰাজনীতি কৰি আহিছে বুলি কয় সভাত উপস্থিত থকা কমল কুমাৰ মেধিয়ে । কিন্তু ৰাইজৰ দল অহাৰ পাছত মুছলমান, হিন্দু সকলো ৰাইজৰ দলৰ লগত একত্ৰিত হৈছে ৷ 21ৰ নিৰ্বাচনৰ পাছত চেঙাৰ মানুহে পাহৰি যাব শুকুৰ আলী আহমেদ নামৰ এগৰাকী মন্ত্ৰী আছিল, বিধায়ক আছিল এই সমষ্টিত ।

চেঙা সমষ্টিত ৰাইজৰ দলৰ তৎপৰতা
চেঙা সমষ্টিত ৰাইজৰ দলৰ তৎপৰতা

বৰপেটা ২৭ ডিচেম্বৰ: দেওবাৰে চেঙা সমষ্টিত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ সাংগঠনিক সভাত কমল কুমাৰ মেধি উপস্থিত থাকে । বৰপেটাৰ চেঙা ছোৱালী হাইস্কুলত অনুষ্ঠিত হোৱা সভাখনত চেঙা সমষ্টিত ৰাইজৰ দলৰ পৰা এগৰাকী সৎ নিকা আৰু ৰাইজৰ দুখ বুজিব পৰা প্ৰাৰ্থী আগন্তুক ২১ৰ নিৰ্বাচনত প্ৰক্ষেপ কৰিব বুলি মন্তব্য কৰে কমল কুমাৰ মেধিয়ে ।

চেঙা সমষ্টিত ৰাইজৰ দলৰ তৎপৰতা

ইপিনে সভাত উপস্থিত থাকি কমল কুমাৰ মেধিয়ে কয় যে, কংগ্ৰেছ আৰু এআইইউডিএফে মুছলমান লোকসকলক লৈ ভোট বেংকৰ ৰাজনীতি কৰি আহিছে । কিন্তু ৰাইজৰ দল অহাৰ পাছত মুছলমান, হিন্দু সকলো ৰাইজৰ দলৰ লগত একত্ৰিত হৈছে ৷ 21ৰ নিৰ্বাচনৰ পাছত চেঙাৰ মানুহে পাহৰি যাব শুকুৰ আলী আহমেদ নামৰ এগৰাকী মন্ত্ৰী আছিল, বিধায়ক আছিল এই সমষ্টিত ।

আনহাতে তেওঁ নিজে পাটাছাৰকুছি সমষ্টিত ৰাইজৰ দলৰ হৈ কাম কৰি আছে বুলি মত প্ৰকাশ কৰে ৷ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা সৰ্ন্দভত কয় যে, মোক ক’ত প্ৰাৰ্থীত্ব দিয়ে সেইয়া দলে সিদ্ধান্ত ল'ব । একেদৰে অখিল গগৈক কাৰাগাৰত বন্দি কৰি ৰখাৰ সৰ্ন্দভত মন্তব্য কৰি কয় যে, চৰকাৰে অখিল গগৈৰ লগত অন্যায় কৰিছে ৷ কম দিনৰ ভিতৰতে অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব বুলি মন্তব্য কৰে কমল কুমাৰ মেধিয়ে ৷ মুকলি আকাশৰ তললৈ আহিয়ে অখিল গগৈয়ে ৰাইজৰ দলৰ নেতৃত্ব লৈ অসমত ৰাজনৈতিক ছুনামি আনিব বুলি তাৎপয্য পূৰ্ণ মন্তব্য কৰে কমল কুমাৰ মেধিয়ে ।

লগতে পঢ়কঃ বিহাৰত চাইবাৰ অপৰাধীৰ ভয়াৱহ জাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.