ETV Bharat / state

ৰফিকুল হকৰ বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি দায়িত্বভাৰ গ্ৰহণ

author img

By

Published : May 6, 2022, 10:33 PM IST

বৃহস্পতিবাৰে কংগ্ৰেছ দল ত্যাগ কৰা প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানৰ (EX MLA Abdur Rahim Khan quits Congress)পিচতেই বৰপেটা জিলা কংগ্ৰেছৰ সভাপতিৰ পদত বহিল ৰফিকুল হক ওৰফে ৰাজীৱ (Rafikul Haque takes over as Barpeta Congress president) ৷ সভাপতিৰ পদত বহি কি ক'লে ৰফিকুল হকে চাওক সবিশেষ...

Rafikul Haque takes over as Barpeta district Congress president
ৰফিকুল হকৰ বৰপেটা জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ

বৰপেটা, ৬ মে : প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানৰ পদত্যাগৰ (EX MLA Abdur Rahim Khan quits Congress) পিচতে এতিয়া বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব লৈছে ৰফিকুল হক ওৰফে ৰাজীৱে (Rafikul Haque takes over as Barpeta Congress president) ৷ সৰভোগৰ প্ৰাক্তন বিধায়ক চামচুল হকৰ পুত্ৰ ৰফিকুল হকক বৃহস্পতিবাৰে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব প্ৰদান কৰা হয় ৷

উল্লেখ্য যে, গৃহ সমষ্টি বৰপেটা ৰোডৰ পৰা বহু কংগ্ৰেছ সতীৰ্থৰ সৈতে আহি বৰপেটাৰ ৰাজীৱ ভৱনত উপস্থিত হোৱা ৰফিকুল হকক উষ্ম আদৰণি জনায় কংগ্ৰেছ কৰ্মীসকলে ৷ আদৰণি অনুষ্ঠানৰ পিচতে তেওঁ জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি আব্দুৰ ৰহিম খানে সভাপতিৰ পদ আৰু সাধাৰণ সদস্যৰ পৰাও পদত্যাগ কৰে ৷ এই সন্দৰ্ভত তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ পিচতেই প্ৰদেশ কংগ্ৰেছে ততাতৈয়াকৈ নিশাৰ ভাগতেই ৰফিকুল হকক জিলা সভাপতিৰ দায়িত্ব প্ৰদান কৰে ৷ ইপিনে সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলেও ৰফিকুল হকে আব্দুৰ ৰহিম খানক তেওঁৰ পদত্যাগ সম্পৰ্কত পুনৰ বিবেচনা কৰাৰ আহ্বান জনায় ৷

লগতে পঢ়ক : প্ৰাক্তন বিধায়ক তথা বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি আব্দুৰ ৰহিম খানৰ কংগ্ৰেছ ত্যাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.