ETV Bharat / state

ভূত বাংলাত পৰিণত সৰুপেটাৰ ডাক বঙলা

পূৰ্বৰ বৰপেটা তথা এতিয়াৰ বজালী জিলাৰ ভৱানীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত সৰুপেটাত অৱস্থিত লোকনিৰ্মাণ বিভাগৰ ডাক বঙলাটো বহু বছৰ ধৰি মেৰামতি তথা পুনৰ নিৰ্মাণ নকৰাত এতিয়া জহি-খহি গৈছে ৷ অতি সোনকালে এই ডাক বঙলাটো মেৰামতি কৰি বঙলাটোৰ ঐতিহ্য ৰক্ষা কৰাৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে ।

Sorupeta story
ভূত বাংলাত পৰিণত বজালীৰ সৰুপেটাৰ ডাক বঙলা
author img

By

Published : Aug 11, 2021, 1:00 PM IST

পাঠশালা, 11 আগষ্ট : চৰকাৰী অৱহেলাৰ বাবেই সম্প্ৰতি ভূত বাংলাত পৰিণত বজালী জিলাৰ সৰুপেটাৰ ডাক বঙলাটো । মেৰামতিৰ অভাৱত জহি-খহি যোৱাৰ উপক্ৰম হৈছে বৃটিছৰ দিনত নিৰ্মিত এই বঙলাটো । লোক নিৰ্মাণ বিভাগৰ চৰম হেমাহি তথা দুৰ্নীতি পৰায়ণতাৰ বাবেই ডাক বঙলাটো সম্প্ৰতি ভূত বাংলাত পৰিণত হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজ তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন দল-সংগঠনে ।

যাৰ পৰিপ্ৰেক্ষিতত গ্ৰাম্য পথ মেৰামতি কৰা কৰ্মচাৰীয়ে এতিয়া গছ-গছনিৰ তলত জিৰণি ল'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ পূৰ্বৰ বৰপেটা তথা এতিয়াৰ বজালী জিলাৰ ৪১ নং ভৱানীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত সৰুপেটাত অৱস্থিত লোক নিৰ্মাণ বিভাগৰ এই ডাক বঙলাটো বহু বছৰ ধৰি মেৰামতি আৰু পুনৰ নিৰ্মাণ নকৰাত সৰৱ হৈ পৰিছে স্থানীয় ৰাইজ তথা দল-সংগঠন ।

ভূত বাংলাত পৰিণত বজালীৰ সৰুপেটাৰ ডাক বঙলা

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, প্ৰথম অৱস্থাত ডাক বঙলাটোত সকলো সা-সুবিধা আছিল ৷ পৰৱৰ্তী সময়ত বহুবছৰ ধৰি মেৰামতি নকৰাত বঙলাটোৰ মূল ভৱনটোৰ লগতে অন্যান্য গৃহসমূহ এতিয়া জহি-খহি গৈছে ।

সৰুপেটাত থকা ডাক বঙলাটো মেৰামতি কৰাৰ বাবে অঞ্চলবাসী ৰাইজৰ লগতে স্থানীয় দল-সংগঠনে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন কৰি আহিছে যদিও আজি পৰ্যন্ত কোনো ধৰণৰ সুফল লাভ কৰিবলৈ সক্ষম নহ’ল । অতি সোনকালে এই ডাক বঙলাটো মেৰামতি কৰি বঙলাটোৰ ঐতিহ্য ৰক্ষা কৰাৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷

লগতে পঢ়ক : বিজেপি চৰকাৰে অসমক কেৱল প্ৰতাৰণা কৰাৰ অভিযোগ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.