বৰপেটা ৰোড, ২৬ নৱেম্বৰ: বৰপেটাৰোডৰ দোমনীৰ বেঁকী নদীৰ পাৰত অব্যাহত থকা অবৈধ খনন বন্ধ কৰাৰ দাবীৰে বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে (Protest against illegal sand mining in Barpeta) । দোমনীৰ শিল-বালিৰ কুৱেৰীৰ মহলদাৰ হিমাংশু দাসৰ নেতৃত্বত একাংশ অসাধু লোকে বেঁকী নৈৰ পাৰত অবৈধভাৱে খননকাৰ্য চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ।
বৰপেটাৰ বন বিভাগৰ বনাঞ্চলিক বিষয়া, খণ্ড বন বিষয়াৰ লগতে বিভাগটোৰ আন বিষয়া-কৰ্মচাৰীও এই অবৈধ খনন বন্ধ কৰাত গুৰুত্ব দিয়া নাই বুলিও স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে । ডাম্পাৰ আৰু ট্ৰেক্টৰেৰে বৰপেটা জিলাৰ ভিন্ন স্থানলৈ সৰবৰাহ কৰা হয় অবৈধভাৱে খনন কৰা বালি ।
বেঁকী নদীত এনেদৰে জধে-মধে খনন চলোৱাৰ ফলত প্ৰতি বছৰে নৈৰ খহনীয়াত জাহ যায় বিস্তীৰ্ণ অঞ্চল । ইতিমধ্যে হাজাৰ হাজাৰ বিঘা ভূমি বেঁকী নৈৰ বুকুত জাহ গৈছে (Illegal sand mining resulted in land erosion) । সেয়ে, অঞ্চলটোৰ ৰাইজে বেঁকী নৈৰ বালিচৰত খনন কাৰ্য বন্ধ কৰিবলৈ বাৰম্বাৰ বৰপেটাৰোডৰ বন বিভাগক দাবী জনাই আহিছে । কিন্তু বিভাগীয় বিষয়াই ৰাইজৰ এই দাবী প্ৰতি গুৰুত্ব নিদি মহলদাৰৰ লগত গোপন বুজাবুজি কৰি বালি কঢ়িওৱা প্ৰতিখন ডাম্পাৰ আৰু ট্ৰেক্টৰৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷
বৃহস্পতিবাৰে স্থানীয় ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ (Protest against sand mining in Domani) কৰাৰ সময়ত শিল-বালিৰ কুৱেৰীৰ ছিণ্ডিকেটৰ লগত জড়িত একাংশ দালালে ৰাইজক বাধা প্ৰদান কৰে ৷
ইয়াৰ পাচতে দুয়ো পক্ষৰ মাজত তৰ্ক-বিতৰ্ক আৰম্ভ হয় আৰু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ পাছত স্থানীয় ৰাইজে 'বন বিভাগ হায় হায়', 'বনমন্ত্ৰী হায় হায়', 'বন বিষয়া মুৰ্দাবাদ' দোমনী ঘাটৰ মহলদাৰ হুচিয়াৰ, দালাল হুচিয়াৰ আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ শীঘ্ৰে বেঁকী নৈৰ পাৰত চলি থকা অবৈধ খননকাৰ্য বন্ধ কৰিবলৈ চৰকাৰ তথা বন বিভাগক দাবী জনাইছে ৰাইজে ৷ অন্যথা ৰাইজৰ এই আন্দোলন অব্যাহত থাকিব বুলিও ৰাইজে হুংকাৰ দিয়ে ।
লগতে পঢ়ক:Lumding reserve forest encroachment : দালালৰে মিতিৰালি বন বিভাগৰ