ETV Bharat / state

Protest in Kalgachia: খহনীয়া প্ৰতিৰোধৰ দাবীত জনপ্ৰতিনিধিৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ

author img

By

Published : Aug 4, 2022, 3:22 PM IST

দীৰ্ঘদিনে চলি থকা খহনীয়াত জুৰুলা কলগাছিয়াৰ ভিন্ন প্ৰান্তৰ ৰাইজ(Massive erosion in Kalgachia) । বাৰে বাৰে জনপ্ৰতিনিধিৰ ওচৰত আবেদন নিবেদন কৰিও বিমুখ খহনীয়াগ্ৰস্ত ৰাইজ । সেয়ে জন প্ৰতিনিধিলৈ বাট নাচাই ৰাইজৰ শ্ৰম দানেৰে গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা চলালে ৰাইজে । সমান্তৰালভাৱে শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ দাবীত জনপ্ৰতিনিধিৰ বিৰুদ্ধে সাব্যস্ত কৰিলে তীব্র প্ৰতিবাদ(Protest in Kalgaasia demanding prevention of erosion) ।

protest in kalgaasia demanding prevention of erosion
খহনীয়া প্ৰতিৰোধৰ দাবীত জনপ্ৰতিনিধিৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ

জনীয়া,৪ আগষ্ট: কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত টকাকাটা গাঁওত বেকী নদীৰ বিধ্বংসী গৰাখহনীয়া । প্ৰলয়ংকাৰী বানপানীয়ে তচনচ কৰাৰ পিছত বেকী নদীয়ে কেইবাখনো গাঁৱত সৃষ্টি কৰিছে বিধ্বংসী গৰাখহনীয়া(Massive erosion in Kalgachia) । খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰ আৰু জনপ্ৰতিনিধি সকলক কেইবাবাৰো দাবী জনাইছে যদিও এতিয়ালৈকে কোনো ধৰণৰ গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰিছে খহনীয়াগ্ৰস্ত ৰাইজ ।

ক্ষোভিত ৰাইজে সাংসদ আব্দুল খালেক হাই হাই, আব্দুল খালেক গো বেগ, বিধায়ক শ্বেৰমান আলি হাই হাই আদি ধ্বনিৰে উত্তাল কৰি তোলে পৰিবেশ(Protest in Kalgaasia demanding prevention of erosion) । উল্লেখ্য যে বিগত বৰ্ষত টকাকাটা গাঁওত চৰকাৰে চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ২৪ লাখ টকা আবন্টন দিছিল । তাৰে মাজত ঠিকাদাৰে ৩/৪ লাখ টকাৰ কাম কৰি বাকী টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে ।

সেয়ে ৰাইজে উপায়ন্তৰ হৈ চৰকাৰ আৰু জনপ্ৰতিনিধিৰ কোনো সঁহাৰি নাপায় এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । উল্লেখ্য যে খহনীয়াগ্ৰস্থ ৰাইজে মানুহৰ ঘৰে ঘৰে গৈ বাঁহ আৰু টকা সংগ্ৰহ কৰি নিজৰ শ্ৰম দানেৰে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । যদি বিভাগীয় কৰ্তৃপক্ষই গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে এই গাঁওখন গৰাখহনীয়াৰ কবলত পৰিব সেয়া নিশ্চিত। সেয়ে চৰকাৰৰ সু-দৃষ্টি কামনা কৰিছে ৰাইজে ।

লগতে পঢ়ক: Lovlina Borgohain Loses Quarters: কমনৱেলথ গেমছত পৰাস্ত লাভলীনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.