বৰপেটা, ৮ জানুৱাৰীঃ APDCLত কৰ্মৰত মিটাৰ ৰিডাৰ আৰু বিল ক্লাৰ্ক পদৰ অস্থায়ী কৰ্মচাৰীসকলে চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত চৰকাৰে গা এৰা মনোবৃত্তি গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৷ প্ৰায় ৮ মাহ পূৰ্বেই চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰিছিল যদিও আজি পৰ্যন্ত ফলাফল ঘোষণা কৰা নাই ৷ চৰকাৰে বঞ্চনা কৰাৰ প্ৰতিবাদত অৱশেষত অসহযোগ আন্দোলন আৰম্ভ কৰিছে কৰ্মচাৰীসকলে ৷ যোৱা দুই জানুৱাৰীৰ পৰা APDCLৰ অন্তৰ্গত ৰাজ্যৰ ১৫৮ টা উপ-সংমণ্ডলত কৰ্মৰত অস্থায়ী কৰ্মচাৰীসকলে অসহযোগ আন্দোলন চলাই আহিছে ৷
অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহন নকৰিলে অচিৰেই আমৰন অনশন কাৰ্যসূচী ৰূপায়ন কৰিব বুলিও হুংকাৰ দিয়ে সদৌ অসম মিটাৰ ৰিডাৰ আৰু বিল ক্লাৰ্ক অস্থায়ী কৰ্মচাৰী সন্থাই ৷ ইপিনে অস্থায়ী কৰ্মচাৰীসকলৰ অসহযোগৰ ফলত গ্ৰাহকৰ মিটাৰ ৰিডিং, বিল প্ৰদান আদি কাম-কাজ স্থগিত হৈ পৰাত ৰাজহ সংগ্ৰহত বাধাৰ সৃষ্টি হৈছে ৷
আৰু পঢ়ক : 2018ৰ তুলনাত 2019ত শোণিতপুৰত হ্ৰাস পথ দুৰ্ঘটনাৰ ঘটনা