ETV Bharat / state

বৰপেটাৰোডত AJYCP ৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ - জাতীয় সামগ্ৰীৰ ব্যৱসায় বন্ধ

মূল্যবৃদ্ধি ৰোধ আৰু ধপাত জাতীয় সামগ্ৰীৰ ব্যৱসায় বন্ধ কৰাৰ লগতে SI কেলেংকাৰীত জড়িত ব্যক্তি সকলক উপযুক্ত শাস্তি দিয়াৰ দাবীত বৰপেটাৰোডত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ AJYCP ৰ ৷

protest at Barpeta road ajycp
বৰপেটাৰোডত AJYCP ৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
author img

By

Published : Oct 15, 2020, 9:29 PM IST

বৰপেটাৰোড 15 অক্টোবৰ : বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত মানৱ শৃংখল কাৰ্যসূচীৰে প্ৰতিবাদ ৷ মূল্যবৃদ্ধি ৰোধ আৰু ধপাত জাতীয় সামগ্ৰীৰ লগতে ৰাজ্য কঁপাই যোৱা SI কেলেংকাৰীৰ লগত জড়িত ব্যক্তি সকলক উপযুক্ত শাস্তি দিয়াৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ইপিনে আলু, পিয়াজৰ মূল্য বৃদ্ধি ৰোধ কৰক আই পি এলৰ নামত জুৱা বন্ধ কৰক , বৰপেটাৰোডৰ বাটপথ নিৰ্মাণ কৰক আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷

বৰপেটাৰোডত AJYCP ৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগৰ বিধায়ক ৰণজিৎ কুমাৰ দাসৰ গৃহ চহৰ বৰপেটাৰোডৰ শিমলাগুৰিৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা পথছোৱা জৰাজীৰ্ণ হৈ থকাত ক্ষোভ প্ৰকাশ কৰি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নেতা ৰূপম নাথে ৷ ইয়াৰ লগতে বৰপেটাৰোডৰ বাবুপাৰা খৈৰাবাৰী কলহ ভাঙা আদি অঞ্চলত অবাধ ৰূপে চলি থকা আই পি এল জুৱা বন্ধ কৰাৰো দাবী জনায় অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদে ৷

লগতে পঢ়কঃ মৰিগাঁৱত উন্নয়ন আঁচনিৰ ধন হৰলুকীৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.