নিউজ ডেস্ক, 03 ছেপ্তেম্বৰঃ বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কলগাছিয়া মোৱামাৰী সংযোগী গড়কাপ্তানী পথৰ কেইবাটাও অংশ ভাঙি যোৱাৰ ফলত বৃহত্তৰ অঞ্চলৰ ৰাইজে যমৰ যাতনা ভুগিব লগা হৈছে ৷ পথটো ভাঙি ছিঙি জৰাজীৰ্ণ হৈ পৰাত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে চাৰিচকীয়া বাহনৰ চলাচল যাৰ বাবে জৰুৰীকালীন সেৱাৰ পৰাও বঞ্চিত হ'ব লগা হৈছে অঞ্চলটোৰ ৰাইজ ৷
আনহাতে শিৱসাগৰ জিলাৰ আমগুৰিতো পথ নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে হেমাহিৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি, ২০১৮ চনৰ অক্টোবৰ মাহতে স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাই আধাৰশিলা মুকলি কৰা পথটোৰ নিৰ্মাণৰ বাবে এছ অ' পি ডি আঁচনিৰ অধীনত প্ৰায় দুই কোটি টকা আৱণ্টন দিছিল যদিও ঠিকাদাৰে শামুকীয়া গতিৰে কাম কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ মঙলবাৰে স্থানীয় ৰাইজে বোকাময় পথটোৰ ওপৰত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে । লগতে শীঘ্ৰে পথটো মেৰামতি নকৰিলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিছে স্থানীয় ৰাইজে ৷