ETV Bharat / state

কেবৰ বিৰুদ্ধে বৰপেটা পলিটেকনিকৰ ছাত্ৰৰ প্ৰতিবাদ - Protest against CAB by Barpeta Polytechnic students

কেবৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে বৰপেটা পলিটেকনিক ইনষ্টিটিউটৰ ছাত্ৰ-ছা্ত্ৰীয়ে ৷ মুঠ ৫৪০ গৰাকী ছাত্ৰই প্ৰথম, তৃতীয় আৰু পঞ্চম ষান্মাসিকৰ পৰীক্ষা বৰ্জন কৰে ৷

পৰীক্ষা বৰ্জন
বৰপেটা পলিটেকনিকৰ ছাত্ৰৰ প্ৰতিবাদ
author img

By

Published : Dec 11, 2019, 1:29 PM IST

বৰপেটা, 11 ডিচেম্বৰ : ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বৰপেটা পলিটেকনিক ইনষ্টিটিউটেও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইনষ্টিটিউটৰ মুঠ ৫৪০ গৰাকী ছাত্ৰই প্ৰথম, তৃতীয় আৰু পঞ্চম ষান্মাসিকৰ পৰীক্ষা বৰ্জন কৰি বিধেয়ক বাতিলৰ দাবী জনায় ৷ ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ এটা বছৰ ক্ষতি হোৱাৰো সম্ভাৱনা আছে ৷

কেবৰ বিৰুদ্ধে প্ৰতিবাদ
ছাত্ৰীৰ প্ৰতিবাদ

বৰপেটা পলিটেকনিক ইনষ্টিটিউটৰ ছাত্ৰ একতা সভাৰ সম্পাদকে জানিবলৈ দিয়া অনুসৰি, সমগ্ৰ ৰাজ্যৰ 21 খন পলিটেকনিকৰ ছাত্ৰই পৰীক্ষা বৰ্জন কৰিছে ৷ জাতিতকৈ পৰীক্ষা ডাঙৰ নহয় বুলি মন্তব্য কৰি সম্পাদকগৰাকীয়ে কয় যে,নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বাবে ইয়াতকৈয়ো ভয়াৱহ সিদ্ধান্ত ল'বলৈ সাজু আছে ছাত্ৰ-ছাত্ৰীসকল ৷

বৰপেটা পলিটেকনিকৰ ছাত্ৰৰ প্ৰতিবাদ

আৰু পঢ়ক : মাজনিশা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক ঘেৰাও ছাত্ৰ-ছাত্ৰীৰ

Intro:
বৰপেটা, ১১ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প'লিটেকনিক ছাত্ৰৰ অভিনৱ প্ৰতিবাদ ৷ পৰীক্ষা বৰ্জন কৰি প্ৰতিবাদত বহিল বৰপেটা প'লিটেকনিকৰ ছাত্ৰ ৷ বৰপেটা পলিটেকনিক ইন্সটিটিউটৰ মুঠ ৫৪০ গৰাকী ছাত্ৰই পৰীক্ষা বৰ্জন কৰি দাবী জনালে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ ৷ Body:আজি ৰাজ্যখনৰ অন্নান্য পলিটেকনিক ইন্সটিটিউটৰ লগতে বৰপেটা প'লিটেকনিক ইন্সটিটিউট পাঠ্যক্ৰমৰ আছিল প্ৰথম, তৃতীয় আৰু পঞ্চম ষান্মাসিকৰ পৰীক্ষা ৷ পিছে জাতিধ্বংলী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পৰীক্ষা বৰ্জন কৰি ছাত্ৰ ছাত্ৰীসকল বহিল প্ৰতিবাদত ৷ ফলত এটা বছৰ ক্ষতি হব পাৰে ছাত্ৰজীৱনৰ ৷ বৰপেটা প'লিটেকনিকৰ ছাত্ৰ একতা সভাৰ সম্পাদকে জনোৱা মতে সমগ্ৰ ৰাজ্যৰ ২১ খন প'লিটেকনিকৰ ছাত্ৰই বৰ্জন কৰিছে পৰীক্ষা ৷ আনহাতে জাতিতকৈ পৰীক্ষা ডাঙৰ নহয় বুলিও মন্তব্য কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বাবে ইয়াতকৈয়ো ভয়াৱহ সিদ্ধান্ত লবলৈ সাজু আছে বুলি ঘোষনা কৰে পলিটেকনিক ছাত্ৰ ছাত্ৰীসকলে ৷

Conclusion:বাইটঃ প্ৰতিবাদী পলিটেকনিকৰ ছাত্ৰ ছাত্ৰী ৷

---- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.