ETV Bharat / state

276খন পানী যোগান আঁচনিঃ বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত বৰপেটাবাসী - water supply

বৰপেটাৰ গ্ৰামাঞ্চলৰ লোকসকলক বিশুদ্ধ খোৱাপানী যোগানৰ বাবে স্থাপন কৰা হৈছিল 276 খন পানী যোগান আঁচনি৷ পিছে এই আঁচনি সমূহৰ ভিতৰত কাগজে কলমে 143 খন আঁচনিহে চলি থকা বুলি জনাই বৰপেটাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে

276 খন পানী যোগান আঁচনিঃ বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত বৰপেটাবাসী
author img

By

Published : Sep 18, 2019, 1:33 PM IST

বৰপেটা, ১৮ ছেপ্টেম্বৰঃ আৰ্চেনিকযুক্ত জিলা সমুহৰ ভিতৰত ৰাজ্যখনৰ ভিতৰতে বৰপেটা জিলা অন্যতম ৷ আৰ্চেনিকৰ প্ৰভাৱৰ বাবেই বৰপেটাত বৃদ্ধি পাইছে কেঞ্চাৰ ৰোগৰ প্ৰাদূৰ্ভাৱ ৷ তথাপি বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত বৰপেটাবাসী ৷ উল্লেখ্য যে, বৰপেটাৰ গ্ৰামাঞ্চলৰ লোকসকলক বিশুদ্ধ খোৱাপানী যোগানৰ বাবে স্থাপন কৰা হৈছিল 276 খন পানী যোগান আঁচনি ৷ পিছে এই আঁচনি সমূহৰ ভিতৰত কাগজে কলমে 143 খন আঁচনিহে চলি থকা বুলি জনাই বৰপেটাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে ৷ জিলাখনত থকা পানীযোগান আঁচনিসমূহৰ ভিতৰত 133 খন আঁচনিয়েই বন্ধ হৈ আছে ৷

276 খন পানী যোগান আঁচনিঃ বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত বৰপেটাবাসী

আনহাতে, বৰপেটা পৌৰসভাৰ অধীনত আছে দুখনকৈ পানী যোগান আঁচনি ৷ এই পানীযোগান আঁচনি দুখন প্ৰায় ৫০ বছৰ পুৰণি ৷ বৰপেটা চহৰৰ দুয়োখন আঁচনিয়েই সম্প্ৰতি জৰাজীৰ্ণ ৷ ইয়াৰে এখন আঁচনি প্ৰায় দুবছৰ ধৰি বন্ধ হৈ থকাৰ বিপৰীতে আনখন আঁচনিও জোৰা-টাপলি মৰিহে চলি আছে ৷ মাহটোৰ আধাদিন এই আঁচনিখনৰ পানী যোগান বন্ধ হৈ থাকে ৷ যাৰ বাবে আৰ্চেনিকযুক্ত পানীৰে চলি আছে বৰপেটাৰ পানী যোগান ব্যৱস্থা৷ বৰপেটা জিলাত পানীযোগান আঁচনিৰ নামত চলি থকা এনে ভেকোঁভাওনা বন্ধৰ দাবী জনাইছে ৰাইজে ৷ ৰাজ্য চৰকাৰলৈ ৰাইজৰ এটাই আহ্বান বৰপেটা জিলাবাসীক দিয়ক এটুপি বিশুদ্ধ খোৱাপানী ৷

Intro:

বৰপেটা, ১৮ ছেপ্টেম্বৰঃ আৰ্চেনিকপ্ৰৱন জিলা সমুহৰ ভিতৰত ৰাজ্যখনৰ ভিতৰতে বৰপেটা জিলা অন্যতম ৷ আৰ্চেনিকৰ প্ৰভাৱৰ বাবেই বৰপেটাত বৃদ্ধি পাইছে কেঞ্চাৰ ৰোগৰ প্ৰাদূৰ্ভাৱ ৷ তথাপি বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত বৰপেটা জিলাবাসী ৷ Body:বৰপেটা জিলাৰ গ্ৰামাঞ্চলৰ লোকসকলক বিশুদ্ধ খোৱাপানী যোগানৰ বাবে স্থাপন কৰা হৈছিল ২৭৬ খন খন পানী যোগান আঁচনি ৷ পিছে এই আচনি সমুহৰ ভিতৰত কাগজে কলমে ১৪৩ খন আচনিহে চলি থকা বুলি জনাইছে বৰপেটাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে ৷ জিলাখনত থকা পানীযোগান আঁচনিসমুহৰ ভিতৰত ১৩৩ খন আঁচনিয়েই বন্ধ হৈ আছে ৷ ইপিনে বৰপেটা পৌৰসভাৰ অধীনত আছে দুখনকৈ পানী যোগান আঁচনি ৷ এই পানীযোগান আঁচনি দুখন প্ৰায় ৫০ বছৰ পুৰনি ৷ বৰপেটা চহৰৰ দুয়োখন আচনিয়েই সম্প্ৰতি জৰাজীৰ্ণ হৈ পৰিছে ৷ ইয়াৰে এখন আঁচনি প্ৰায় দুবছৰ ধৰি বন্ধ হৈ থকাৰ বিপৰীতে আনখন আঁচনিও জোৰাটাপলি মৰা পদ্ধতিৰেহে চলি আছে ৷ মাহটোৰ আধাদিন এই আঁচনিখনৰ জৰিয়তেও পানী যোগান বন্ধ হৈ থাকে ৷ আৰু এনেদৰেই চলি আছে আৰ্চেনিকপ্ৰভাৱিত বৰপেটা জিলাৰ পানী যোগান ব্যৱস্থা ৷ বৰপেটা জিলাত পানীযোগান আঁচনিৰ নামত চলি থকা এনে ভেকোঁভাওনা বন্ধৰ দাবী জনাইছে ৰাইজে ৷ ৰাজ্য চৰকাৰলৈ ৰাইজৰ এটাই আহ্বান- বৰপেটা জিলাবাসীক দিয়ক এটুপি বিশুদ্ধ খোৱাপানী ৷

Conclusion:বাইটঃ বৰপেটা পৌৰ সভাৰ উপ পৌৰপতি ৷
বাইটঃ স্থানীয় লোক, বৰপেটা ৷

---- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.