ETV Bharat / state

বৰপেটা জিলা বিজেপিত চেয়াৰমেন কেন্দ্ৰীক সংঘাত - বৰপেটাৰোড পৌৰসভা নিৰ্বাচন

বৰপেটা জিলা বিজেপিত দেখা দিছে চেয়াৰমেন কেন্দ্ৰীক সংঘাত (Problem in Barpeta municipal corporations over chairman post) ৷ চেয়াৰমেন কেন্দ্ৰীক লবীৰ বাবে গুৱাহাটীত আত্মগোপন কৰি থকা বুলি চৰ্চালৈ আহিছে বৰপেটাৰোড পৌৰসভা নিৰ্বাচনত জয়লাভ কৰা ৬ গৰাকী ৱাৰ্ড কমিচনাৰ ৷

বৰপেটা জিলা বিজেপিত চেয়াৰমেন কেন্দ্ৰীক সংঘাত

author img

By

Published : Mar 11, 2022, 2:14 PM IST

বৰপেটাৰোড, 11 মাৰ্চ : পৌৰসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পাচতে বৰপেটাৰোড পৌৰসভাত স্পষ্ট হৈ পৰিছে চেয়াৰমেন কেন্দ্ৰীক সংঘাত (Problem in Barpeta municipal corporations over chairman post)৷ বৰপেটাৰোড পৌৰসভাৰ ১০ টা ৱাৰ্ডৰ ভিতৰত ১০ টাতেই শাসকীয় বিজেপি দলৰ প্ৰাৰ্থী জয়লাভ কৰাৰ পাচত প্ৰথমবাৰৰ বাবে বৰপেটা জিলা কমিটিয়ে নৱ নিৰ্বাচিত ৱাৰ্ড কমিছনাৰসকলৰ সৈতে মত-বিনিময় কৰাৰ বাবে বৃহস্পতিবাৰে আয়োজন কৰে এখন সভাৰ ৷

বিজেপিৰ বৰপেটাৰোড নগৰ মণ্ডলৰ কাৰ্যালয়ত নগৰ মণ্ডলৰ সভাপতিয়ে আহ্বান কৰা এই সভাত বৰপেটাৰোড পৌৰসভা নিৰ্বাচন(Municipal Election 2022) ত জয়লাভ কৰা ১০ গৰাকী ৱাৰ্ড কমিচনাৰৰ ভিতৰত মাত্ৰ ৪ গৰাকী ৱাৰ্ড কমিচনাৰহে উপস্থিত থাকে ৷ অন্য ৬ গৰাকী ৱাৰ্ড কমিচনাৰ ক্ৰমে ৰাজেশ সৰকাৰ(ৰাজা), বনজিৎ বৰ্মন, পাৰুল মণ্ডল, গীতুমণি দাস দেউৰী, সবিতা দেৱনাথ আৰু প্ৰীতি ধিৰাচাৰীয়াই নিৰ্বাচিত হোৱাৰ পাচৰে পৰাই চেয়াৰমেন কেন্দ্ৰীক লবীৰ বাবে গুৱাহাটীত আত্মগোপন কৰি থকা বুলি চৰ্চিত হৈছে ৷ অন্যহাতে, সভাখনত উপস্থিত থাকে ক্ৰমে দিলীপ কুমাৰ সাহা, সুৰথী সাহা সুৰেশ চৌধাৰী আৰু ৰিংকু ৰায় পোদ্দাৰ ৷

বৰপেটা জিলা বিজেপিত চেয়াৰমেন কেন্দ্ৰীক সংঘাত

বৰপেটাৰোড পৌৰসভাত চেয়াৰমেন কেন্দ্ৰীক সংঘাতে যে, বিজেপি দল কেবাটাও ভাগত বিভক্ত হৈছে সেয়া স্পষ্ট হৈছে (Barpeta municipal corporations over chairman post) ৷ ইপিনে আগন্তুক ১৩ মাৰ্চৰ পাচত চেয়াৰমেন সন্দৰ্ভত দলে সিদ্ধান্ত ল’ব বুলিও বৰপেটা জিলা বিজেপিৰ প্ৰভাৰী জয়ন্ত দাসে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷ লগতে তেওঁ কয় যে, ৰাজ্যিক বিজেপিয়ে এই ক্ষেত্ৰত যি সিদ্ধান্ত গ্ৰহণ কৰিব, সেয়া জিলা বিজেপিয়ে মানি ল’ব ৷

লগতে পঢ়ক : Guwahati Gang rape : গুৱাহাটীৰ গাড়ীগাঁৱত পাঁচ যুৱকৰ কামনাৰ বলি কিশোৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.