ETV Bharat / state

Bharat Jodo Yatra: 1 অক্টোবৰত আহিব অসমলৈ প্ৰিয়ংকা গান্ধী - Chintan Shivir in Kaziranga

চিন্তন বৈঠকৰ অন্তত সামগ্ৰীৰ দাম কমিবনে? যেতিয়া নিযুক্তি প্ৰক্ৰিয়াৰ সন্দৰ্ভত ৰাইজে এটাও প্ৰশ্ন উত্থাপন নকৰিব, তেতিয়াহে চৰকাৰে বাঃবাঃ লোৱা উচিত ৷ প্ৰিয়ংকা গান্ধী আহিব অসমলৈ ৷ এইসমূহ মন্তব্য জাকিৰ হুছেইন শিকদাৰৰ (Congress leader Jakir Hussain Sikdar)৷

অসমলৈ প্ৰিয়ংকা গান্ধী আহিব এক অক্টোবৰত
অসমলৈ প্ৰিয়ংকা গান্ধী আহিব এক অক্টোবৰত
author img

By

Published : Sep 25, 2022, 6:25 PM IST

বৰপেটা, ২৫ ছেপ্টেম্বৰ: কংগ্ৰেছে দেশজুৰি আৰম্ভ কৰা ভাৰত জোড়ো কাৰ্যসূচীত অংশ ল’বলৈ অসমলৈ আহিব কংগ্ৰেছৰ যুৱ নেত্ৰী প্ৰিয়ংকা গান্ধী (Priyanka Gandhi to visit Assam)৷ অহা 1 অক্টোবৰত ধুবুৰীৰ পৰা আৰম্ভ হ’বলগীয়া ভাৰত জোড়ো কাৰ্যসূচীত(Bharat Jodo Yatra in Assam) অংশ ল’বলৈ প্ৰিয়ংকা গান্ধী আহিব বুলি জানিবলৈ দিয়ে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে ৷

কংগ্ৰেছৰ ভাৰত জোড়ো কাৰ্যসূচীয়ে দেশজুৰি ব্যাপক জনসমৰ্থন পাবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে৷ ইপিনে কেইবাগৰাকীও বিশিষ্ঠ আধ্যাত্মিক ধৰ্মগুৰুক আমন্ত্ৰণ জনাই আনি কাজিৰঙাত অনুষ্ঠিত কৰা বিজেপিৰ চিন্তন বৈঠক(Chintan Shivir in Kaziranga) সম্পৰ্কতো কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে মন্তব্য কৰে ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত দ্বিতীয়বাৰৰ বাবে এনে চিন্তন শিবিৰ অনুষ্ঠিত হোৱা বুলি মন্তব্য কৰে জাকিৰ হুছেইন শিকদাৰে (Congress leader Jakir Hussain Sikdar)৷

অসমলৈ প্ৰিয়ংকা গান্ধী আহিব এক অক্টোবৰত

শিকদাৰে কয় যে, ৰাজ্যত আকাশলংঘী মূল্যৰবৃদ্ধিৰ প্ৰসংগত চিন্তন শিবিৰ অনুষ্ঠিত কৰিব লাগে চৰকাৰে ৷ প্ৰতিবিধ সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰসংগত এনে শিৱিৰ অনুষ্ঠিত কৰি কিদৰে সামগ্ৰীৰ মূল্য কম কৰিব পাৰি তাৰ চিন্তা কৰিব লাগে চৰকাৰে ৷ চিন্তন শিবিৰৰলৈ শিক্ষক যাকেই নামাতক, ফলাফল ভাল হ’ব লাগে বুলি মন্তব্য কৰে জাকিৰ হুছেইন শিকদাৰে ৷ চিন্তন বৈঠকৰ অন্তত সামগ্ৰীৰ মূল্য কম হ’বনে বুলি প্ৰশ্ন কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে ৷

আনহাতে অসম চৰকাৰৰ শেতীয়া নিযুক্তি প্ৰক্ৰিয়াৰ সন্দৰ্ভতো মন্তব্য আগবঢ়ায় শিকদাৰে ৷ তেওঁ কয় যে, নিযুক্তি প্ৰক্ৰিয়া(Assam govt recruitment) সম্পন্ন কৰি চৰকাৰে বাঃবাঃ ল’ব নালাগে ৷ যেতিয়া এনে নিযুক্তি প্ৰতিয়াৰ সন্দৰ্ভত এটাও প্ৰশ্নৰ অৱতাৰণা নহ’ব তেতিয়াহে চৰকাৰে বাঃবাঃ লোৱা উচিত বুলি মন্তব্য কৰে সৰুক্ষেত্ৰীৰ বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক: প্ৰাঞ্জল ঘাটোৱাৰৰ বিজেপি গমনৰ সম্ভাৱনীয়তাক নুই নকৰিলে ৰাণা গোস্বামীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.