ETV Bharat / state

এন আৰ চি পুনৰীক্ষণৰ বাবে দুদিন পূৰ্বে জাননী প্ৰেৰণ কৰা ঘটনা সম্পূৰ্ণ ষড়যন্ত্ৰমূলকঃ আশ্ৰাফুল ইছলাম - ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

এন আৰ চি পুনৰীক্ষণৰ বাবে হাজাৰ হাজাৰ লোকক মাত্ৰ এদিন পূৰ্বে জাননী প্ৰদান কৰাৰ লগতে ৩০০-৪০০ কিঃমিঃ দূৰলৈ শুনানিৰ বাবে মাতি পঠোৱাৰ পিছত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সংবাদ মেল।

এন আৰ চি পুনৰীক্ষণৰ বাবে দুদিন পূৰ্বে জাননী প্ৰেৰণ কৰা ঘটনা সম্পূৰ্ণ ষড়যন্ত্ৰমূলকঃ আশ্ৰাফুল ইছলাম
author img

By

Published : Aug 6, 2019, 12:16 PM IST

জনীয়া, ৬ আগষ্টঃ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে প্ৰতীক হাজেলাক শিখন্দী সজাই পুনৰীক্ষণৰ বাবে বহু লোকক জাননী প্ৰেৰণ কৰি এন আৰ চিৰ কামত বাধাৰ সৃষ্টি কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলাম কয় যে," এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকাৰ প্ৰকাশৰ পিছত সম্পূৰ্ণ খচৰাত যিসকল লোকৰ নাম আছিল; সেই লোকসকলৰ ক্ষেত্ৰত কোনো ধৰণৰ পুনৰীক্ষণৰ প্ৰয়োজন নাই বুলি মাননীয় উচ্চতম ন্যায়ালয়ে কোৱাৰ পিছতো দুদিন পূৰ্বৰ পৰা অসমৰ বিভিন্ন জিলাৰ লোক সকলক উজনি অসমৰ বিভিন্ন জিলাত শুনানিৰ বাবে মাতিছে আৰু এই ঘটনাটো সম্পূৰ্ণ ষড়যন্ত্ৰমূলক ৷ "

এন আৰ চি পুনৰীক্ষণৰ বাবে দুদিন পূৰ্বে জাননী প্ৰেৰণ কৰা ঘটনা সম্পূৰ্ণ ষড়যন্ত্ৰমূলকঃ আশ্ৰাফুল ইছলাম

লগতে সংখ্যালঘু ৰাইজৰ ওপৰত দোষ জাপি দি এন আৰ চিৰ প্ৰক্ৰিয়াটো পিছুৱাই নিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ লিপ্ত হৈছে বুলিও অভিযোগ দিয়ে সভাপতিগৰাকীয়ে । তাৰোপৰি এন আৰ চিৰ নামত সংখ্যালঘু ৰাইজ কঠোৰ হাৰাশাস্তিৰ সম্মুখীন হোৱাৰ পাছতো নিজ নিজ এলেকাৰ সংখ্যালঘু জনপ্ৰতিনিধি সকলৰ নিষ্ক্ৰিয় ভূমিকাক তীব্ৰ ভাষাৰে নিন্দা কৰে কৃষক মুক্তিৰ নেতা সকলে । লগতে এন আৰ চিৰ শুনানিৰ বাবে যোৱাৰ সময়ত দুৰ্ঘটনাত আহত বা নিহত ব্যক্তিৰ পৰিয়ালক ১০ লাখ টকা ক্ষতিপূৰণৰ দাবী সংগঠনটোৰ৷

Intro:slug: as_jania_06aug_press_meet_on_nrc_hearing_vid3+pho1_story_asc10058

জনীয়া, ০৬ আগষ্ট: এন আৰ চিত পুনৰ পৰীক্ষণৰ বাবে হাজাৰ হাজাৰ লোকক মাত্ৰ এদিন পূৰ্বে জাননী প্ৰদান কৰি ৩০০-৪০০ কিঃমিঃ দূৰলৈ শুনানীৰ বাবে মাতি পঠোৱাৰ পিছত সৃষ্টি হোৱা হাহাঁকাৰ পৰিস্থিতি সন্দৰ্ভত আজি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সংবাদ মেল।Body:slug: as_jania_06aug_press_meet_on_nrc_hearing_vid3+pho1_story_asc10058

কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰে প্ৰতীক হাজেলাক শিখন্দী সজাই পুনৰ পুনৰীক্ষণৰ বাবে হাজাৰ হাজাৰ লোকক জাননী প্ৰদানেৰে এক অস্থিৰ পৰিৱেশ সৃষ্টিৰ মাজেৰে এন আৰ চিৰ কাম বাধাগ্ৰস্ত কৰিব বিচাৰিছে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। আজি কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ কাৰ্যলয়ত সংবাদমেল সম্বোধন কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলাম, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক ৰাতুল হুছেইন আৰু বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰফিকুল ইছলামে কয়," এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকাৰ প্ৰকাশৰ পিছত সম্পূৰ্ণ খচৰাত যিসকল লোকৰ নাম আছিল; সেই লোকসকলৰ ক্ষেত্ৰত কোনো ধৰণৰ পুনৰীক্ষণৰ প্ৰয়োজন নাই বুলি মাননীয় উচ্চতম ন্যায়ালয়ে কোৱাৰ পিছতো হঠাৎকৈ দুদিন পূৰ্বৰ পৰা অসমৰ বিভিন্ন জিলাৰ লোক সকলক উজনি অসমৰ বিভিন্ন জিলাত শুনানিৰ বাবে মাতিছে আৰু এই ঘটনাটো সম্পূৰ্ণ ষড়যন্ত্ৰমূলক বুলি অভিযোগ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। ছাত্ৰ নেতা আশ্ৰফুল ইছলামে আন এক বিস্ফোৰক মন্তব্য প্ৰকাশ কৰি কয় যে, সংখ্যালঘু লোক সকলক হিয়াৰিঙৰ নামত অসহ্যকৰ হাৰাশাস্তিৰ জৰিয়তে মানুহ খিনিক উত্তেজিত কৰি এটা অবাঞ্ছিত পৰিবেশৰ সৃষ্টি কৰি সংখ্যালঘু ৰাইজৰ ওপৰত দোষ জাপি দি এন আৰ চিৰ প্ৰক্ৰিয়াটোকে বাঞ্চাল কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ লিপ্ত হৈছে বুলিও দোহাৰে। এন আৰ চিৰ নামত সংখ্যালঘু ৰাইজ কঠোৰ হাৰাশাস্তিৰ সম্মুখীন হোৱাৰ পাছতো নিজ নিজ এলেকাৰ সংখ্যালঘু জনপ্ৰতিনিধি সকলৰ নিষ্ক্ৰিয় ভূমিকাকো তীব্ৰ নিন্দা কৰে কৃষক মুক্তিৰ নেতা সকলে। লগতে এন আৰ চিৰ শুনানিৰ বাবে যোৱাৰ সময়ত দুৰ্ঘটনাত আহত বা নিহত ব্যক্তিৰ পৰিয়ালক ১০ লাখ টকা ক্ষতিপূৰণৰ দাবী উত্থাপন কৰে।Conclusion:slug: as_jania_06aug_press_meet_on_nrc_hearing_vid3+pho1_story_asc10058

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.