ETV Bharat / state

Bajali District Controversy: বৰপেটা জিলাৰ অংগ কৰ্তনৰ ভুল বুজাবুজি নিৰাময়ৰ আহ্বান ডেকা সত্ৰীয়াৰ

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 6:14 PM IST

মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়াৰ নেত়ত্বত সত্ৰৰ প্ৰতিনিধি দলে ভৱানীপুৰ-সৰভোগৰ বিভিন্ন সত্ৰ নামঘৰত উপস্থিত হয় । তেওঁ ৰাইজৰ মতামত গ্ৰহণ কৰি বৰপেটা জিলাতে থকাৰ অনুৰোধ জনাই আহিছে ৷ শেহতীয়াভাৱে ভৱানীপুৰ গোপাল আতা সত্ৰত উপস্থিত হোৱা সত্ৰৰ দলটোক লৈ সৃষ্টি হয় কিছু বিতৰ্কৰ ।

Satradhikar react over Bajali District Controversy
বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া
বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া

বৰপেটা, ১১ ছেপ্টেম্বৰঃ বৰপেটা জিলাৰ অংগ কৰ্তনৰ পিচতে বৰপেটাবাসী ৰাইজৰ মাজত সৃষ্টি হৈছিল তীব্ৰ অসন্তুষ্টি ৷ বৰপেটাবাসীৰ মাজত সৃষ্টি হোৱা অসন্তুষ্টি নিৰাময়ৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৰপেটা সত্ৰৰ প্ৰতিনিধিৰ সৈতে আলোচনাত বহি অসন্তুষ্টি নিৰাময়ৰ চেষ্টা চলাইছিল ৷ আনকি বৰপেটাৰ পৰা কৰ্তন কৰা ভৱানীপুৰ-সৰভোগ সমষ্টিটো বৰপেটা জিলাতে ৰখাৰ প্ৰচেষ্টা হিচাপে মুখ্যমন্ত্ৰীয়ে বৰপেটা সত্ৰক সমষ্টিটোৰ ৰাইজৰ সৈতে আলোচনা কৰাৰ পৰামৰ্শ প্ৰদান কৰিছিল ৷ এই সন্দৰ্ভত সোমবাৰে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়াই এখন সংবাদমেল সম্বোধন কৰি এইক্ষেত্ৰত সৃষ্টি হোৱা ভুল বুজাবুজি নিৰাময়ৰ আহ্বান জনাইছে।

মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়াৰ নেত়ত্বত সত্ৰৰ প্ৰতিনিধি দলে ভৱানীপুৰ-সৰভোগৰ বিভিন্ন সত্ৰ নামঘৰত উপস্থিত হৈ ৰাইজৰ মতামত গ্ৰহণ কৰি বৰপেটা জিলাতে থকাৰ অনুৰোধ জনাই আহিছে ৷ শেহতীয়াভাৱে ভৱানীপুৰ গোপাল আতা সত্ৰত উপস্থিত হোৱা সত্ৰৰ দলটোক লৈ ভৱানীপুৰত কিছু বিতৰ্কৰ সৃষ্টি হয় ৷ আনকি বৰপেটা সত্ৰই ভৱানীপুৰৰ ৰাইজৰ পৰা উকা কাগজত স্বাক্ষৰ লোৱা বুলি একাংশই অভিযোগ উত্থাপন কৰিছে ৷

উল্লেখ্য় যে যিকোনো সিদ্ধান্তৰ ক্ষেত্ৰত সমষ্টিটোৰ ৰাইজে যাতে বৰপেটা সত্ৰক দোষাৰোপ কৰিব নোৱাৰে তাৰ বাবে সত্ৰ সমিতিৰ লগতে আন আন দল সংগঠনসমূহে নিজ নিজ ক্ষেত্ৰত সমষ্টিবাসীৰ সৈতে আলোচনাৰ জৰিয়তে বৰপেটা জিলাত থকাৰ সন্মতি আদায়ৰ চেষ্টা চলায় যদিও একাংশই ভুল বুজাবুজিৰ সৃষ্টি কৰে ।

লগতে পঢ়ক:Autumn session 2023: বিধানসভা অধিবেশনৰ প্ৰথম দিনাই বিৰোধীৰ সভা স্থগিত প্ৰস্তাৱ, প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু মুখ্যমন্ত্ৰী

সোমবাৰে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়াই এখন সংবাদমেল অনুষ্ঠিত কৰি ভৱানীপুৰৰ একাংশৰ মাজত সৃষ্টি হোৱা ভুল বুজাবুজি নিৰাময়ৰ আহ্বান জনায় ৷ সত্ৰাধিকাৰগৰাকীয়ে উল্লেখ কৰা মতে, বৰপেটা সত্ৰই মাথো উপস্থিত সদস্যৰহে স্বাক্ষৰ লৈছিল ৷ তাত জিলাত থকা নথকাক লৈ কোনো স্বাক্ষৰ সংগ্ৰহ কৰা হোৱা নাছিল ৷ উক্ত ভুল বুজাবুজি আঁতৰ কৰাৰ বাবে আৰু বৰপেটা জিলাৰ সৈতে সমষ্টিটোৰ ৰাইজক সহযোগৰ বাবে ডেকা সত্ৰীয়াগৰাকীয়ে সংবাদমেলযোগে আহ্বান জনায় ৷

লগতে পঢ়ক:Bajali District Controversy: বৰপেটাবাসীৰ অসন্তুষ্টিৰ সমাধান সূত্ৰ মুখ্যমন্ত্ৰীক দিব বৰপেটা সত্ৰ সমিতিয়ে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.