ETV Bharat / state

বৰপেটাত পৰাগ ভূঞাক শ্ৰদ্ধাঞ্জলি বৰনগৰ প্ৰেছ ক্লাৱৰ

author img

By

Published : Nov 16, 2020, 10:51 PM IST

Updated : Nov 17, 2020, 1:07 PM IST

চৰকাৰক চৰকাৰীভাৱে প্ৰেছ দিৱস পালন কৰাৰ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে বুলি ক্ষোভ প্ৰকাশ কৰে বৰনগৰ প্ৰেছ ক্লাবৰ সভাপতি প্ৰদীপ কুমাৰ ৰায়ে ।

Press Day celebrate in Barpeta
বৰপেটাত পৰাগ ভূঞাক শ্ৰদ্ধাঞ্জলি বৰনগৰ প্ৰেছ ক্লাৱৰ

জনীয়া,১৬ নৱেম্বৰ: বৰপেটা জিলাৰ জনীয়াৰ বৰনগৰ প্ৰেছ ক্লাবত সোমবাৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয় ৷ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি তিনিচুকীয়াৰ কাকপথাৰৰ প্ৰতিদিন টাইমৰ সাংবাদিক পৰাগ ভূঞাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ সহযোগত বৰনগৰ প্ৰেছ ক্লাবে ৷ অনুষ্ঠানৰ আৰম্ভণিতে পৰাগ ভূঞাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, পুষ্পাঞ্জলি আৰু বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।

সম্প্ৰতি সাংবাদিক হত্যা, আক্ৰমণ আৰু নিগ্ৰহৰ ঘটনা বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি বৰনগৰ প্ৰেছ ক্লাবৰ সভাপতি প্ৰদীপ কুমাৰ ৰায়ে চৰকাৰক চৰকাৰীভাৱে প্ৰেছ দিৱস পালন কৰাৰ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে বুলি ক্ষোভ প্ৰকাশ কৰে । তেওঁ পৰিকল্পিত হত্যাৰ বলি হোৱা পৰাগ ভূঞাৰ পৰিয়ালক এককালীন আৰ্থিক সাহায্য প্ৰদানৰ লগতে পৰিয়ালৰ লোকক এটা চাকৰি দিয়াৰ কথা উল্লেখ কৰে ।

লগতে পঢ়ক: সাৰৰ ছিণ্ডিকেটে কপাইছে ৰঙিয়া, হাহাকাৰ পৰিস্থিতি কৃষক ৰাইজৰ

Last Updated : Nov 17, 2020, 1:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.