নিউজ ডেস্ক, 12 জানুৱাৰীঃ অতিকৈ হেপাহৰ ভোগালী বিহুটিক আদৰিবলৈ বিভিন্ন আয়োজনেৰে সাজু হৈ পৰিছে অসমৰ চৌপাশ ৷ বিহুৰ এই উখল মাখল পৰিৱেশত ব্যস্ততাৰ অন্ত নোহোৱা হৈছে দুগ্ধ নগৰী সৰভোগত ৷ হেপাহৰ ভোগালীক আদৰিবলৈ সম্পূৰ্ণ সাজু হৈছে দুগ্ধ নগৰী ৷ বিক্ৰীৰ বাবে সাজু হৈ উঠিছে শদিয়াৰ পৰা ধুবুৰীলৈ ব্যাপক সমাদৰ লাভ কৰা এঠা দৈ আৰু ক্ৰীম ৷
ভোগালী বিহু উপলক্ষে সৰভোগৰ উদ্ধৱ চন্দ্ৰ বায়ণ এণ্ড চন্সে ৩০০০ হাজাৰ কিলো দৈ, ১০০০ কিলো ক্ৰীম আৰু ২৫০ কিলো ঘিউ প্ৰস্তুত কৰি উলিওৱাৰ বিপৰীতে, গীতিকা ষ্টোৰে প্ৰস্তুত কৰি উলিয়াইছে ৩০০০ কিলো দৈ, ৫০০ কিলো ক্ৰীম, ৫০০ কিলো ঘিউ আৰু ৫০০ কিলো বাঁহৰ চুঙাৰ দৈ ৷ ইয়াৰোপৰি সৰভোগ দধি ভাণ্ডাৰে প্ৰস্তুত কৰিছে ২০০০ কিলো দৈ, বাঁহৰ চুঙাৰ দৈ ১৫০০ কিলো, ঘিউ ৫০ কিলো আৰু ৮০ কিলো ক্ৰীম ৷ উল্লেখ্য যে, বিহু উপলক্ষে প্ৰতি কিলো দৈৰ মূল্য 150 ৰ পৰা 180 টকা, বাঁহৰ চুঙাৰ দৈ প্ৰতি কিলোত 160 ৰ পৰা 200 টকা, প্ৰতি কিলো ঘিউৰ দাম 700 ৰ পৰা 900 টকা আৰু প্ৰতি কিলো ক্ৰীমৰ দাম 500 ৰ পৰা 600 টকালৈ ধাৰ্য কৰা হৈছে ৷
আমগুৰিঃ ইফালে সমান্তৰালভাৱে আমগুৰিৰ তামুলী গাঁৱৰ কেন্দুগুৰি পথাৰতো এতিয়া গোৱাল সকলে প্ৰস্তুত কৰিছে থমনা আঠা দৈ ৷ অসমৰ ভিন্ন প্ৰান্তত ব্যাপক সমাদৰ আছে এই দৈৰ ৷ বিহু উপলক্ষে এতিয়া, এই দৈ টেকেলীত ভৰাই বজাৰত বিক্ৰী কৰিবৰ বাবে সাজু হৈছে তামুলী গাঁৱৰ গো-মহ পালকসকল ৷
লগতে পঢ়কঃ সংকটৰ মাজতো বাপতি সাহোন ভোগালী বিহুক আদৰাৰ প্ৰস্তুতি অসমবাসীৰ