ETV Bharat / state

দৌল উৎসৱৰ বাবে উদুলি-মুদুলি সত্ৰনগৰী বৰপেটা

author img

By

Published : Mar 7, 2020, 12:59 PM IST

বিবিধ সত্ৰীয়া ৰীতি পৰম্পৰাৰে দেওবাৰৰ পৰা চাৰি দিনীয়াকৈ অনুষ্ঠিত হ'ব বৰপেটা সত্ৰৰ দৌল মহোৎসৱ ৷ দেওবাৰে বৰপেটা সত্ৰত অনুষ্ঠিত হ'ব গোন্ধযাত্ৰা বা বহ্নোৎসৱ ৷ ইয়াৰ পিচতেই সোম আৰু মঙলবাৰে ভৰ দৌল আৰু বুধবাৰে সুৱেৰী উৎসৱ ৷ দৌল মহোৎসৱক লৈ বিশেষভাৱে তৎপৰ হৈ পৰিছে বৰপেটা জিলা প্ৰশাসন ৷

holi utsobv in borpeta satra
উদুলি-মুদুলি সত্ৰনগৰী বৰপেটা

বৰপেটা, 7 মাৰ্চ : উদুলি-মুদুলি সত্ৰনগৰী বৰপেটা ৷ দেওবাৰৰ পৰা আৰম্ভ হ'ব বৰপেটা সত্ৰৰ দৌল মহোৎসৱ ৷ হোলীগীতৰ ছন্দেৰে ইতিমধ্যে মুখৰিত হৈ পৰিছে বৰপেটাৰ পৰিৱেশ ৷ বিভিন্নজনে ভাগ লৈছে হোলীগীতৰ আনন্দত ৷ বিবিধ সত্ৰীয়া ৰীতি পৰম্পৰাৰে দেওবাৰৰ পৰা চাৰি দিনীয়াকৈ অনুষ্ঠিত হ'ব বৰপেটা সত্ৰৰ দৌল মহোৎসৱ ৷ দেওবাৰে বৰপেটা সত্ৰত অনুষ্ঠিত হ'ব গোন্ধযাত্ৰা বা বহ্নোৎসৱ ৷ ইয়াৰ পিচতেই সোম আৰু মঙলবাৰে ভৰ দৌল আৰু বুধবাৰে সুৱেৰী উৎসৱ ৷

উদুলি-মুদুলি সত্ৰনগৰী বৰপেটা

ইতিমধ্যে সত্ৰ পৰিচালনা সমিতি ব্যস্ত পৰিছে দৌল মহোৎসৱৰ সকলো আয়োজনত ৷ দৌল মহোৎসৱলৈ অহা যাত্ৰীসকলক থকাৰ বাবে অতিথিশালা আৰু খোৱা খাদ্যৰ বাবে সিধা দিয়াৰ ব্যৱস্থা হাতত লৈছে সত্ৰ সমিতিয়ে ৷ ইপিনে দৌল মহোৎসৱক লৈ বৰপেটা জিলা প্ৰশাসনো বিশেষভাৱে তৎপৰ হৈ পৰিছে ৷ বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত আৰু বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত জিলা প্ৰশাসনে দৌল মহোৎসৱৰ সকলো আয়োজনৰ তদাৰক কৰিছে ৷ দৌল মহোৎসৱৰ সময়ছোৱাত যাতে কোনো আইন শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভব নহয় তাৰবাবে নিৰাপত্তামূলক ব্যৱস্থাৰ লগতে,পাৰ্কিং আৰু যান জঁটৰ সমস্যা আতৰোৱা সম্পৰ্কত আৰক্ষীয়ে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে ৷ মুঠতে ৰাজ্যখনৰ লগতে দেশ বিদেশৰ পৰা অহা যাত্ৰীসকলে যাতে কোনো অসুবিধা ভোগ কৰিবলগীয়া নহয় তাৰবাবে সত্ৰ সমিতি,জিলা প্ৰশাসন আৰু আৰক্ষীয়ে সকলো পদক্ষেপ হাতত লৈছে ৷

লগতে পঢ়ক :

চৰাইদেউ মৈদামক চৰাইদেউ জিলাৰ পৰা কৰ্তন কৰাৰ যড়যন্ত্ৰ কাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.